অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

ভাঙ শিল ভাঙ


ভাঙ !
শিল ভাঙ !

ভাঙ ভাঙ ভাঙ  ভাঙোতা
শিল ভাঙ !

ভাঙ ভাঙ ভাঙ  ভাঙোতা
শিল ভাঙ !

তোৰ ঘাম ভৰা নঙঠা পিঠি
তপত ৰদত যায় ফাটি
কোমল ভৰিৰ তলুভাত
জ্বলে তপত ৰঙা ৰঙা মাটি !
তথাপি তোৰ নাই গুণ গাওঁতা ..
ভাঙ ভাঙ ভাঙ  ভাঙোতা
শিল ভাঙ !
ভাঙ ভাঙ ভাঙ  ভাঙোতা
শিল ভাঙ !

আকাশ পৰশা কলা শিলবোৰে
যুগ যুগ আছে উন্নত শিৰে
আকাশ পৰশা কলা শিলবোৰে
যুগ যুগ আছে উন্নত শিৰে
ভাৱে সৰু সৰু মানুহৰ নাই শক্তি চূৰ্ণ কৰিব শিল শক্তিৰ মূৰ্তি
ভাবে নাই নাই নাই হাত দাঙোতা....
ভাঙ ভাঙ ভাঙ  ভাঙোতা
শিল ভাঙ !
ভাঙ ভাঙ ভাঙ  ভাঙোতা
শিল ভাঙ !

নিজ হাতেৰে শুকান মাটি খান্দ
সৰু শিলেৰে সেন্দূৰী আলি বান্ধ
.. ..
তই নিজ হাতে গঢ় দিয়া আলিটিৰে অহা যুগৰ সভ্যতাই
আগবাঢ়ে.. !
তই শিলেৰে ইতিহাস ৰচোঁতা.. !
তই সাম্যৰে ৰহণ সানোতা !
(শিল) ভাঙ ভাঙ ভাঙ  ভাঙোতা
শিল ভাঙ !
ভাঙ ভাঙ ভাঙ  ভাঙোতা
শিল ভাঙ !
ভাঙ ভাঙ ভাঙ  ভাঙোতা
শিল ভাঙ !
ভাঙ ভাঙ ভাঙ  ভাঙোতা
শিল ভাঙ !

(গুৱাহাটী,১৯৫৩)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: