অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

বজালে আহিনে বাঁহীনে বীণ সুৰত পালানে চিন


বজালে আহিনে বাঁহীনে বীণ সুৰত পালানে চিন
বজালে আহিনে বাঁহীনে বীণ সুৰত পালানে চিন
চিন সুৰত পালেনে চিন
বজালে আহিনে বাঁহীনে বীণ সুৰত পালানে চিন ৷

বতাহত আহিছে ভাহি
কোন উদাসী বাঁহী
বতাহত ভাহিছে আহি
কোন উদাসী বাঁহী
বনৰ আৰত কোন বৰাগীৰ বীন
বনৰ আৰত কোন বৰাগীৰ বীন
কি সুৰ পালা নে চিন
বজালে আহিনে বাঁহীনে বীণ সুৰত পালানে চিন ৷

শুকুলা ডাঁৱৰ ঐ কহুঁৱা ফুল
সুৰত গলা নে ভোল
শুকুলা ডাঁৱৰ ঐ কহুঁৱা ফুল
সুৰত গলা নে ভোল
চিনো যেন চিনো যেন লাগে..
মাটিত মেঘৰ সুৰ জাগে..
চিনো যেন চিনো যেন লাগে...
মাটিত মেঘৰ সুৰ জাগে..
বাঁহীৰ সুৰত যেন মিলিছে বীন
বাঁহীৰ সুৰত যেন মিলিছে বীন
কি সুৰ পালেনে চিন
বজালে আহিনে বাঁহীনে বীণ সুৰত পালানে চিন
বজালে আহিনে বাঁহীনে বীণ সুৰত পালানে চিন ৷৷

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

1 comment:

Anonymous said...

আপুৰুগীয়া সম্পদ