বহাগৰে প্রথম পুৱা
নকৈ গাভৰু হোৱা
এপাহি কপৌ ফুলে
কাণে কাণে ভোমোৰাক যেন ক’লে, ক’লে:
মই ফুলিলোঁ হে
এই ফুলিলোঁ হে
(মোৰ) পাতগাভৰুৰ মন
কুমলীয়া মই, একোকে নাজানো
নুশুহিবা মধুকণ ৷
যোৱাঁনা আন ফুলৰ ফালে
সিহঁত আগতে ফুলিলে
কৃষ্ণচূড়াৰ মৌ চুহা না
এজাৰেও বুকু উদঙালে ৷
ফুলি আছে, দেখা নাই জানো
ধুনীয়া ফুলনি খন ?
বিহুৱা ঢোলৰ লগতে সৌৱা
নাচনীৰ দেহাৰ লাস চোৱাঁ
বহাগতে বলিয়া হোৱা
পাত গাভৰু লাজ চোৱাঁ
‘পাতগাভৰুৰ
লেখিয়া মই
এপাহ কপৌ ফুল হে মই
মোক নকবা আমনিখন ৷’
(কলকাতা, দুই মাৰ্চ, ১৯৭৯ চন)
(ভূপেন হাজৰিকাদেৱৰ সুৰ+ৰচিত, পম্পা গগৈৰ কন্ঠেৰে নিগৰিত গীত)
No comments:
Post a Comment