অনুসন্ধান আকাংক্ষাত

Thursday, April 5, 2012

আগলি বতাহে


আগলি বতাহে
কঁপালে কলৰে পাত
আগলি বতাহে
কঁপালে কলৰে পাত
মন উৰণীয়া
হেৰালে বাটৰে আঁত
মন উৰণীয়া
হেৰালে বাটৰে আঁত
আগলি বতাহে
কঁপালে কলৰে পাত ৷

বুজো কি নুবুজো
চিনাকি কুলিৰে মাত
বুজো কি নুবুজো
চিনাকি কুলিৰে মাত
মেলো কি নেমেলো..
আকাশে চুবলে হাত
মেলো কি নেমেলো..
আকাশে চুবলে হাত
হেৰালে বাটৰে আঁত !
হেৰালে বাটৰে আঁত !
আগলি বতাহে
কঁপালে কলৰে পাত ৷

এটি সুৰ মাথো...
মনৰে ডালতে কঁপে..
এটি সুৰ মাথো...
মনৰে ডালতে কঁপে..
এটি মাথো পখী..
সিও উৰে উৰে..
কিনো সুৰ সিঁচিছিলো
পখীটি !
জিৰাবহি কিহৰে ছাঁত
হেৰালে বাটৰে আঁত
হেৰালে বাটৰে আঁ..ত
আগলি বতাহে
কঁপালে কলৰে পাত ৷৷

(ভূপেন হাজৰিকাদেৱৰ দ্ধাৰা ৰচা জয়ন্ত হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: