আ.... (আলাপ)
অয়, অয় আকাশ শুব
অয় অয় বতাহ শুব
দিগন্ততে হাহাকাৰ হ’ব
দিগন্ততে হা-হাকাৰ হ’ব
সময় যেন স্তব্ধ হয়, হয়
ভীত হয়, হয়
চকুলো শিল হ’ব !
অয় অয় সময় শুব ৷
পাপ যদি বেয়া, কামনা কিয় দিলে ?
দিলে, দিলে ?
মোহ যদি বেয়া , সুৰ কিয় দিলে
দিলে, দিলে ?
ভাঙন যদি বেয়া, বিৰহ কিয় দিলে
দিলে, দিলে ?
তাৰ সমিধান কোনে দিব ?
কোনে দিব ?
অয় অয় সময় শুব ৷
সাঁথৰভৰা নিশা মোৰ সোণ শুব !
কথা : বৈধ কি, অবৈধ কি ?
বৈধ কি ? অবৈধ কি ?? প্রশ্ন হ’ব !
দিগন্ততে হাহাকাৰ হ’ব ৷
দিগন্ততে হাহাকাৰ হ’ব ৷৷
(কথাছবি : প্রতিধ্বনি, ১৯৬৪ চন )
(ভূপেন হাজৰিকাদেৱৰ গীত, সুমন কল্যানপুৰৰ কন্ঠেৰে নিগৰিত)
ইউনিক'ডীয় ৰূপান্তৰ : দিগন্ত শইকীয়া
No comments:
Post a Comment