স্নেহে আমাৰ.. শত শ্রাৱণৰ
ধাৰাসাৰ বৃষ্টিৰ.. প্লাৱন আনে...
যৌৱন-বাসনাৰ ৰিক্তোপকূল
পূৰ্ণ কৰে
উন্মত্ত বানে ..
স্নেহে আমাৰ শত-শ্রাৱণৰ
ধাৰাসাৰ বৃষ্টিৰ
প্লাৱন আনে ..৷
নিৰ্জ্জন স্তব্ধ
তিমিৰৰ পাৰ ভাঙি
উচ্ছল জীৱনৰ
জোৱাৰ আনে
অপৰূপ বাৰিষাৰ
তৰঙ্গ ৰাশিয়ে
নাছে নৱ সৃষ্টি
গানে .... ৷
যৌৱন-বাসনাৰ ৰিক্তোপকূল
পূৰ্ণ কৰে
উন্মত্ত বানে ..
স্নেহে আমাৰ শত-শ্রাৱণৰ
ধাৰাসাৰ বৃষ্টিৰ
প্লাৱন আনে ..৷
বিদ্যুৎ ক্ষিপ্র নয়নে তোমাৰ !
বিদ্যুৎ ক্ষিপ্র নয়নে তোমাৰ
মৌন ভাষাৰ
উন্মাদনা সানে
নিশ্বাসে মোৰ
আশাৰ আশ্বাসত
তৃপ্তিৰ পৰিধি
নেমানে
তৃপ্তিৰ পৰিধি
নেমানে ৷
প্রীতি দিগ্বলয়ত গতিশীল গীত গাওঁ
বজ্রৰ গৰ্জ্জনে
হাৰ মানে
বৃষ্টিৰ তৃষ্ণাই
মৌচুমী খেদি যায়
আমাৰ দৃষ্টিয়েও লক্ষ্য
জনে
বৃষ্টিৰ তৃষ্ণাই
মৌচুমী খেদি যায়
আমাৰ দৃষ্টিয়েও লক্ষ্য
জনে
যৌৱন-বাসনাৰ ৰিক্তোপকূল
পূৰ্ণ কৰে
উন্মত্ত বানে ..
স্নেহে আমাৰ শত-শ্রাৱণৰ
ধাৰাসাৰ বৃষ্টিৰ
প্লাৱন আনে
স্নেহে আমাৰ শত-শ্রাৱণৰ
ধাৰাসাৰ বৃষ্টিৰ
প্লাৱন আনে ..৷৷
(গুৱাহাটী, ১৯৫৪ চন)
(ভূপেন হাজৰিকাদেৱৰ
গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment