অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

হে বান্ধ’ মই নিৰুপায়


হে বান্ধ... মই নিৰুপায়
হে কি কৰো কি কৰো .. উপাই ..?!
কোৱা কৰো কি উপাই.. ?
ভাল পোৱা নিঠুৰ দানৱ !
ধৰি সদায়.. বান্ধ... !
মই নিৰুপায়.... !

কি কৰো কি কৰো উপাই ..?
কোৱা কৰো কি উপাই ?
ভাল পোৱা নিঠুৰ দানৱ !
ধৰি সদায় বান্ধ !
মই নিৰুপায় !
কি কৰো কি কৰো উপাই ?

বৰ পোৰণি আছে বান্ধ
ফেঁটি সাপৰ বিষত !
তাৰো অধিক কষ্ট বান্ধ
ৰমণীৰে ৰূপত !
প্রিয়াৰ বাহুলতাৰ ..!
প্রিয়াৰ বাহুলতাৰ ..!
অগণি......... !
দেখোঁ নুনুমায় ..!
কি কৰো কি কৰো উপাই ..?
কোৱা কৰো কি উপাই ?
কি কৰো কি কৰো উপাই ..?

প্রেম জ্বৰ সন্নীপাতৰ
নাই কবিৰাজটি
পলাবলৈ গৈ খাওঁ
বাৰে বাৰে উজুটি
পলাবলৈ গৈ খাওঁ
বাৰে বাৰে উজুটি

শিকলিৰে বান্ধা বান্ধৱ
মন বহাগৰ কুলি..!
মন ৰমণিৰ
মন নিদিলে..!
যাব বান্ধোন খুলি !
প্রিয়াৰ কাজল চকুৰ ..!
প্রিয়াৰ কাজল চকুৰ ..!
চাৱনি........ !
ধমণি খঙাই
কি কৰো কি কৰো উপাই ..?
কোৱা কৰো কি উপাই ?
ভাল পোৱা নিঠুৰ দানৱ !
ধৰি সদায় বান্ধ !
মই নিৰুপায় !
কি কৰো কি কৰো উপাই ?

হে মই নিৰুপায় !
হে মই নিৰুপায়.... !
হে মই....নিৰুপায়..... !

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: