অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

কাষতে কলচী লৈ



কথা:   

আজি প্রায় ৭০ বছৰৰ আগতে মোৰ আৰধ্য গুৰু বিষ্ণুপ্রসাদ ৰাভাদেউ আৰু জ্যোতি প্রসাদ আগৰৱালাদেৱে তেওঁৰ জয়মতী, কাৰেংৰ লিগিৰী, আদি বানীবদ্ধ কৰাবলৈ কলিকতাৰ এইছ. এম. ভি.  ৰেকৰ্ডিং ষ্টোডিঅলৈ লৈ গৈছিল .. ডমডমলৈ ৷ মোৰ চেমনীয়া কন্ঠৰে বানীবদ্ধ কৰিছিল ৰাভাদেৱে , কাষতে কলচী লৈ যায় অ ৰচকী বাই ..
          আজি প্রায় ৭০ বছৰ পিচত সেই একেটা স্কেলতে পুৰঠ কন্ঠেৰে মই প্রথম গীতটিকে গাই দিছোঁ .. কাষতে কলচী লৈ যায় অ ৰচকী বাই .. ...কালেক্টৰচ্ আইটেম ৰূপে বোধহয় সহস্রজনে ভাল পাব ৷

গীত:
কাষতে কলচী লৈ..

যায় ঐ ৰচকী বাই ..

কাষতে কলচী লৈ..

যায় ঐ ৰচকী বাই ..

সপোনৰ সঁফুৰা

চকুজুৰি লৈ

মৰমৰ অমিয়া

ভৰাই অ ৰচকী বাই .. !

যায় ঐ ৰচকী বাই .. !

কাষতে কলচী লৈ..

যায় ঐ ৰচকী বাই ..

কাষতে কলচী লৈ......!

যায় ঐ ৰচকী বাই ৷



ৰাংধালী ওঁঠেদি

বনগীত এফাঁকি !



ৰাংধালী ওঁঠেদি

বনগীত এফাঁকি

ৰাংধালী ওঁঠেদি

বনগীত এফাঁকি

জ্বলাই শুৱলা

সুৰৰে এচাকি

কাষৰে ফুলনি

উজলাই ৰচকী বাই ...!

যায় ঐ ৰচকী বাই ..

কাষতে কলচী লৈ..!

যায় ঐ ৰচকী বাই ৷



মলয়াৰ চুমাৰে

লা চুলিটাৰি

ধেতুৰা ৰেণুৰে

ধৌ শাৰী শাৰী !

মলয়াৰ চুমাৰে..

লা চুলিটাৰি

ধেতুৰা ৰেণুৰে

ধৌ শাৰী শাৰী,

বিজুলিৰে মিলি

উজলাই ৰচকী বাই ..

যায় ঐ ৰচকী বাই ..

(হে) কাষতে কলচী লৈ..

যায় ঐ ৰচকী বাই,

কাষতে কলচী লৈ..

যায় ঐ ৰচকী বাই,

সপোনৰ সঁফুৰা

চকুজুৰি লৈ

মৰমৰ অমিয়া

ভৰাই অ ৰচকী বাই ..

যায় ঐ ৰচকী বাই ..

কাষতে কলচী লৈ..

যায় ঐ ৰচকী বাই ..

ৰাংধালী ওঁঠেদি

বনগীত এফাঁকি

জ্বলাই শুৱলা

সুৰৰে এচাকি

কাষৰে ফুলনি

উজলাই ৰচকী বাই ...

যায় ঐ ৰচকী বাই ..

কাষতে কলচী লৈ..

যায় ঐ ৰচকী বাই

কাষতে কলচী লৈ..

যায় ঐ ৰচকী বাই

যায় ঐ ৰচকী বাই

যায় ঐ ৰচকী বাই ৷৷


 (ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ :           দিগন্ত শইকীয়া)

No comments: