অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

সুৰৰে দেউলৰে


সুৰৰে দেউলৰে..
ৰূপৰে.. শিকলি..
ভা..ঙি দিবি খুলি
দুৱাৰ সোণোৱালী..
পূজাৰী অ ... !

সুৰৰে দেউলৰে
ৰূপৰে শিকলি
ভাঙি দি..বি খুলি
দুৱাৰ সোণোৱালী
পূজাৰী অ !
পূজাৰী অ..
সুন্দৰৰ পূজাৰী!
সুন্দৰৰ পূজাৰী !
সুন্দৰৰ পূজাৰী অ

সুৰৰে দেউলৰে
ৰূপৰে শিকলি
ভাঙি দি..বি খুলি
দুৱাৰ সোণোৱালী
পূজাৰী অ !         
পূজাৰী অ..
সুন্দৰৰ পূজাৰী
সুন্দৰৰ পূজাৰী
সুন্দৰৰ পূজাৰী অ

জাউতি যুগীয়া..
বৰগীত অমিয়া..
জাউতি যুগীয়া
বৰগীত অমিয়া
বনগীত সুৰীয়া বনগীত সুৰীয়া অ
কোৱা অসমীয়া
প্রাণ মন ভৰি
পূজাৰী অ
পূজাৰী অ..
সুন্দৰৰ পূজাৰী
সুন্দৰৰ পূজাৰী
সুন্দৰৰ পূজাৰী অ

তোৰে পৰষতে প্রাণৰে হৰিতে
হিয়া দি চুপুতি পায় ঐ মুকুতি
প্রাণৰে মুৰতি উটি ভাহি ফুৰে ঊৰি
পূজাৰী অ !
পূজাৰী অ..
সুন্দৰৰ পূজাৰী
সুন্দৰৰ পূজাৰী
সুন্দৰৰ পূজাৰী অ

শঙ্খ বজোৱা বৰকাঁহ বজোৱা
আৰতি লগোৱা বন্তি জ্বলোৱা
অতি উলাহৰে আদৰি....

পূজাৰী অ
পূজাৰী অ..
সুন্দৰৰ পূজাৰী
সুন্দৰৰ পূজাৰী
সুন্দৰৰ পূজাৰী অ

সুৰৰে দেউলৰে
ৰূপৰে শিকলি
ভাঙি দিবি খুলি
দুৱাৰ সোণোৱালী
পূজাৰী অ !
পূজাৰী অ..
সুন্দৰৰ পূজাৰী
সুন্দৰৰ পূজাৰী
সুন্দৰৰ পূজাৰী অ ..
সুন্দৰৰ পূজাৰী অ..৷৷

(ৰাভা সঙ্গীত ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: