অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

প্রতি নেত্র অশ্রুসিক্ত


প্রতি নেত্র অশ্রুসিক্ত মৃগই বিনায় 
যায় যায় পতিগৃহে শকুন্তলা আই ,
পিতৃদেৱৰ কন্যা-বিৰহ
চিত্ত ভাগি পৰে
সখীসৱৰ সূখৰ আকাশ
এন্ধাৰে আৱৰে
তপোবনৰ মনোবনত
আশাৰ কুসুম নাই ৷

লতাৰ জীৱন আম্রতৰুৰ সঙ্গ চিৰদিনৰ প্রথা 
গৈ থাকাঁ আই তোমাৰ পথত
পিচলৈ নেচাই ,
তোমাৰ বাটৰ ধুলি যেন
পদুম-পৰাগ হয়
নিৰাপদে যোৱাঁ মোৰ আই
পতিগ্রহলৈ
অশ্রু মচাঁ , নহলে যে
পথ দেখা নেপায় ৷

(থিয়েটাৰৰ নাটক: শকুন্তলা, ১৯৮৪ চন)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: