১ম ডেকা: আহু ধান দাবলৈ
লাগে কত বেলি
বাওধান দাবলৈ টান
২য় ডেকা: অ’ টান
১ম ডেকা: আমাৰে গাঁৱতে
সোণ বুটলিছোঁ
পথাৰত ওপচে ধান
পথাৰত ওপচে ধান নাজীতৰা←২
বতাহী গাঁৱৰে ধান
বতাহী গাঁৱৰে ধান
পথাৰত ওপচে ধান ৷
-
-
২য় ডেকা : মাছ মাৰোঁ দিচাঙত
পানী খাওঁ কলঙত
হে মাছ মাৰোঁ দিচাঙত
পানী খাওঁ কলঙত
হে মাছ মাৰোঁ দিচাঙত
পানী খাওঁ কলঙত
টুলুঙা নাৱতে উঠি
(এ) জীৱন লুইততে বিচাৰোঁ তোমাক জান
জীৱন-লুইততে বিচাৰোঁ তোমাক জান
আমালৈ নিদিবা পিঠি নাজীতৰা←২
আমালৈ নিদিবা পিঠি ৷
-
-
একেটি বৰশী বাবা ঐ চেনাইটি
চেঙেলী মাৰিবৰ চিপত
অ’ গাভৰু দেখিলে মিচিকাই হাঁহিবা←২
আহিব চকুৰে টিপত
অ’ চেঙেলী মাৰিবৰ চিপত ৷
-
-
(চকু তিৰেবিৰাই জান ঐ
হৃদয়ে নসহে জান ঐ)←২
শৰালি হাঁহজাক চোৱাঁ
আমালৈ নেচায়ে আকাশ চাই চাই←২
চিলনী সাঁতোৰহে দিয়া←২
-
মাকৰি ঐ ঘিলাটি, ঘূৰাব সোণ নেজানা←২
বাগৰি বাগৰি পৰা
অ’ কঁকাল সৰু সৰু গাভৰু আনিমে ←২
উঘানো ঘূৰাদি ঘূৰে ৷
-
-
গাভৰু: যা: লাজো নেলাগে
গাভৰু জোকাৱ
নিজহাতে ৰিহা বৈ লওঁ
বজৰুৱা পটলুং পিন্ধি মাৰাঁ ফিটাহি←২
চি: কটা লাজত মৰি যাওঁ ৷
-
-
১ম ডেকা: (কাপোৰত পাতিলা ঐ জান
ইলাচী-বিলাচী ঐ জান )←২
ৰিহাত বাছি ল’লা তেজ
(বিহুটি আহিছে
টিপতে সুধিছোঁ )←২
লাগিছা কি গুণে পেচ←২
-
সোণে হালধীয়া
সৰিয়হ ডৰা ঐ
চালে চকুত ধৰে তাৰ
(অ’ কিনো আনন্দতে
ঢাপলি মেলিছা )←২
কিহৰনো বতৰা পাই ৷
ৰাজহুৱা ন-খোৱা
.... ঐ ৰাম←২
গাঁৱে গাঁৱে
পাতিছে.... ঐ ৰাম ←২
হিয়াখন
নাচিছে....... ঐ ৰাম ←২
গাঁওখন
বচাবা....... ঐ ৰাম ←২
সকলোৱে
মিলিজুলি....... ঐ ৰাম ←৬ ৷৷
(কথাছবি: প্রিয়জন,১৯৯৩ চন)
(ভূপেন হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত
গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত
শইকীয়া)
No comments:
Post a Comment