গীত: দেহাই
আমনি কৰিছে কৰিছে
মনত
অগনি জ্বলিছে জ্বলিছে
পচোৱা
পৰশ হৈছে
সংস্কৃতিৰ
হ’লো যতপতই
দুস্কৃতিৰ
হ’ল জয় জয়
হে’ অবুজ নদী
তোক
ভুৱাৰে ভেটিম
সোণালী
পথাৰ নাশিছে
মনত
অগনি জ্বলিছে জ্বলিছে ৷
নিজৰ
পলসেৰে গঢ়া দুটি পাৰ
তই
নিজেই সংহাৰ কৰিছ
নিজৰ
পলসেৰে গঢ়া দুটি পাৰ
তই
নিজেই সংহাৰ কৰিছ
বালিৰ
বান্ধত শত স্বৰ্ণ জিলিকিছে
ব্যেভিচাৰ
সৃষ্টি কৰিছ
মনত
অগনি জ্বলিছে জ্বলিছে ৷
কথা: বান্ধোতা
হেজাৰজনে
প্লাৱনত
কাঞ্চন বুটলিছে
তোৰ
পাৰৰ জনতাই বেজাৰ মনে
দুখত
চকুলো টুকিছে
গীত: তোক
বান্ধোতা হেজাৰ জনে..
প্লাৱনত
কাঞ্চন বুটলিছে
তোৰ
পাৰৰ জনতাই বেজাৰ মনে
দুখত
চকুলো টুকিছে
তই
উন্মাদ ৰূপেৰে নবৱ কিয় ?
তই
অসুৰ দানৱ নভৱ কিয় ?
মানুহৰ
হাহাকাৰ নুবুজ কিয়... ?
হেৰ’ অবুজ নদী
সেয়া
চকুৰ পানী
যুগমীয়া
কৃষ্টি নাশিছে..
দেহাই
আমনি কৰিছে কৰিছে
মনত
অগনি জ্বলিছে জ্বলিছে
দেহাই
আমনি কৰিছে কৰিছে
মনত
অগনি জ্বলিছে জ্বলিছে
দেহাই
আমনি কৰিছে কৰিছে ৷৷
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment