অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

কংস বধৰ ভাওনা পাতি


[কংস বধৰ
ভাওনা পাতি
নাট ঘৰলৈ মাতিবা] - ২
নে সমাজৰে
কংস বোৰৰ
ধ্বংশলীলা পাতিবা 
[কংস বধৰ
ভাওনা পাতি
নাট ঘৰলৈ মাতিবা] - ২
-
[সীতা হৰণ
ভাওনা পাতি
সীতাক বনত ৰাখিবা] - ২
সীতা হৰণ
নে সমাজৰে
ৰাৱন বোৰৰ
মনৰ মুখা ভাঙিবা 
কংস বধৰ
ভাওনা পাতি
নাট ঘৰলৈ মাতিবা 
-
[কংস আৰু ৰাৱন সাজি
ঘৰে ঘৰে থাকিবা] - ২
সীতা আৰু দৈৱকীৰে
শোকৰ চকুপানী মচিবা 
-
[আদৰ্শহীন নায়ককো.. 
বৰঘৰলৈ নানিবা] - ২
তেনে নায়িকাকো
নাট ঘৰতে ৰাখিবা ...
-
[কংস বধৰ
ভাওনা পাতি
নাট ঘৰলৈ মাতিবা] - ২
নে সমাজৰো কংসবোৰৰ
ধ্বংশলীলা পাতিবা ?
[কংস বধৰ
ভাওনা পাতি
নাট ঘৰলৈ মাতিবা] - ২  ৷৷

(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: