অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

শতিকাৰ ৰূপ খেদোঁ


শতিকাৰ ৰূপ খেদোঁ
কিবা যেন বিচাৰি
খোজ মোৰ নিতে আগুৱায়
মিছা এন্ধাৰে চকু ভাগৰায়
বুকুৰ পোহৰে শিখা বাঢ়ি যায় ৷

দিগ্ বলয়ৰ বাটেৰে
বগাকৈ মন-বগ
কুঁৱলী ফালি উৰি যায়
শতিকাৰ জ্যোতি বলে
সাগৰৰ হিল্লোলে
মনৰে ৰথ মোৰ নিয়ে কঢ়িয়ায় ৷

কবিতাৰ কণিকাই
জিলিকনি ছটিয়াই
জীৱনৰ বাট মোৰ দিলে পোহৰাই
জীৱনৰ কথা ভাবি
মৰহ্মক মষিমূৰি
খোজ আলিৰে মোৰ খোজ আগুৱায় ৷৷

(নিউ ইয়ৰ্ক : ১৯৫০ চন)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ দিগন্ত শইকীয়া)

No comments: