অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

কুলিটোৱে বাৰে বাৰে কান্দে


কুলিটোৱে বাৰে বাৰে কান্দে
তাঁতশালত শিপিনী থৰ লাগে
ঘনেপতি ৰাঁচ নচলে
দোৰপতি মাকো থমকে
মাধৈমালতী ফুলিও নুফুলে
ঢেঁকী থমকি ৰয়
মঘাই ওজা নাই ৷

গোনা মহৰ যুঁজ শেষ হয়
গগনাৰ মাতেৰে কোনোবাই উচুপে
ঢোলত চাপৰ নপৰে
মঘাই ওজা নাই ৷

ৰিঙা ৰিঙা মন
গধুৰ গধুৰ
এইবাৰ বিহুতলী জেন নহয়
সিমান মধুৰ
মঘাই নাই ৷

(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: