না:স: আ.....
(আলাপ)
ভূ:হা: মোৰ
জীৱনৰ আকাশতে
ইন্দ্রধনু গঢ়িম
মোৰ জীৱনৰ আকাশতে
ইন্দ্রধনু গঢ়িম
সাত ৰঙেৰে মীনা কৰাই
মৰমেৰে তৰিম !
ইন্দ্রধনু গঢ়িম
মোৰ জীৱনৰ আকাশতে
ইন্দ্রধনু গঢ়িম ৷
না:স: অ’ ... (আলাপ)
ভূ:হা: কিন
কিনিয়া চকুলোৰে
হুমুনিয়াহৰ ভাৱকনেৰে
কিন কিনিয়া চকুলোৰে
হুমুনিয়াহৰ ভাৱকনেৰে
প্রণয় সূৰুয দেৱতাৰে
প্রণয় সূৰুয দেৱতাৰে
জিলিকনি সানিম
মোৰ জীৱনৰ আকাশতে
ইন্দ্রধনু গঢ়িম
মোৰ জীৱনৰ আকাশতে
ইন্দ্রধনু গঢ়িম ৷
মেদুৰ মেঘৰ মাদল কোবাই
গগন গগনাই আলফুলে বাই
মেদুৰ মেঘৰ মাদল কোবাই
গগন গগনাই আলফুলে বাই
বিজুলি নদীৰ নাচোনটি চাই
বিজুলি নদীৰ নাচোনটি চাই
দেউ দি ! দেউ দি নাচিম .. !
দেউ দি ! দেউ দি নাচিম .. !
ইন্দ্রধনু গঢ়িম
মোৰ জীৱনৰ আকাশতে
ইন্দ্রধনু গঢ়িম
মোৰ জীৱনৰ আকাশতে
ইন্দ্রধনু গঢ়িম
সাত ৰঙেৰে মীনা কৰাই
মৰমেৰে তৰিম !
ইন্দ্রধনু গঢ়িম
মোৰ জীৱনৰ আকাশতে
ইন্দ্রধনু গঢ়িম
মোৰ জীৱনৰ আকাশতে
ইন্দ্রধনু গঢ়িম
ইন্দ্রধনু গঢ়িম
ইন্দ্রধনু গঢ়িম ৷৷
(ভূপেন হাজৰিকাদেৱৰ
কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment