অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

(টিহুলৈ) টিহু হ’ল তোমাৰ নাম


টিহু হল তোমাৰে নামে , হওক আনন্দ তোমাৰ
লখিমী পথাৰৰ পৰা কৰোঁ নমস্কাৰ ৷৷
বড়ো ভাষাৰ ডিহু শৱদহে , বিষ্ণু ৰাভাই কোৱা
ডি মানে পানী আৰু হু মানে বোৱা হে
ডিহু ক্রমে টিহু ল হে , টিহু নদীৰ পাৰে
বাণীকান্ত কাকতীয়ে কয় বাৰে বাৰে ৷৷
ভূটান গিৰিৰ পাদদেশতহে আছিল এখন বিল
তাৰে পৰা ভালুকদঙা বৈ আহিছিল ৷৷
শিৰা নদী নাম ধৰি এ , কিছু দূৰ বলে
এহি অঞ্চল ভ্রমি ভ্রমি নখান্দাত মিলিলে ৷৷
টিহু নদী সৰু নদী হে , সৰু হলে কিনো হ
জলধাৰাৰ পাৰে মহান কৃষ্টি পৰি ৰল ৷৷
টিহু নদীৰ দুয়ো পাৰে হে জীৱন দিয়া সাৰ
সোণালী ধান শস্য আৰু সৰিয়হ অপাৰ ৷৷
উত্তৰতে শোভি আছে ভূটান-পূব-ক্ষেত্র
দক্ষিণতে বৈ আছে বাবা ব্রহ্মপুত্র ৷৷
বৰমা আখৰা স্থান হে পূৰ্ব দোশে আছে
পশ্মিমে বজালীৰ কিছু অংশ বিৰাজিছে ৷৷
টিহু নগৰ কেন্দ্র কৰি এ , মুঠ মৌজা সাতোখন
বাস কৰে জনজাতি নানা জাতিৰ মন ৷৷
বাগ্ চা শব্দই ভূটীয়া ভাষাৰ দুৱাৰ মুখ বুজায়
উত্তৰে বাস্কা অঞ্চল সেয়ে নাম পায় ৷৷
চতুৰ্দ্দশ-পঞ্চদশ শতিকাত হয় , ভোট-বড়োৰ ৰণ
প্রমান ৰূপে বৰবৰীৰ হয় নামকৰণ ৷৷
মঠ-মন্দিৰ-সত্র-দেৱালয় আছে নানা বিশ্বাসৰ
শাক্ত বৈষ্ণৱ শৈৱ ভক্তৰ এহি স্থানে ঘৰ ৷৷
গন্ধৰ্ৱৰায়ক আজ্ঞা দিলে এ হে গুৰু মাধৱদেৱে
মনোহৰে আজ্ঞা পালে এ , শ্রীদামোদৰ দেৱৰ ৷৷
সেয়ে হৈছিল স্থাপনা শিঙৰা সত্রৰ
সন্তদেৱে পাতি দেলা হে সন্ধেলা গাঁও সত্র ৷
সন্ত মাধৱ কন্দলীৰ তৃতীয়জন পুত্র ৷৷
শঙ্কৰদেৱৰসময়ৰে হে এ বাসুদেৱ চৌধৰী ৷
সৎসঙ্গী সত্র পাতে গুৰুক প্রণাম কৰি ৷৷
তেৱেঁ কৰে প্রতিষ্ঠা এ , ৰজা নৰনাৰায়ণে
শিৱসিংহই মানি ললে হৰষিত মনে ৷৷
নিষ্পিখেৰাজ  ধৰ্ম্মোত্তৰ হে , মাটি দিছিল ইংৰাজে ৷
সেহি সত্রত গুৰুসেৱা আজিও বিৰাজে ৷৷
ফুলশ্বৰী কুঁৱৰীৰ হে এদিন সুতিকা ৰোগ হয় ৷
ভৱ কান্ত ভট্টাচাৰ্য্যই কৰে নিৰাময় ৷৷
শিৱসিংহ স্বৰ্গদেৱে হে তুষ্ট হৈ অতি
তামৰ ফলি কৰি দিলা আৰু দিলা মাটি ৷৷
খানাৰ মাজ সত্রখানি এ , পৱিত্র দামোদৰী
শ্যামৰায়ৰ বৈষ্ণৱ ধৰ্ম্ম আছে ই প্রচাৰি ৷৷
শাক্ত ধৰ্ম্মৰ নিদৰ্শন এ, বহু কালী মন্দিৰত
কঠালঘৰ, পাটিকৰা মঠুৰাপুৰ গাঁৱত ৷৷
হৰিভাঙাৰ কামাখ্যা এ, ত শক্তি পূজা হয়
হেল্ চাপাৰাৰ বিষহৰিত ভক্তই আশিষ লয় ৷৷
স্থানে স্থানে শৈৱ ধৰ্ম্মৰ এ, হে নিদৰ্শন চোৱাঁ ৷
প্রমাণ আছে ভদ্ৰকুচি পৰমাণ খোৱা ৷৷
হোম ৰজাৰ দিনতো এ, বহু পুখুৰী খনাই
টিহু অঞ্চল সজাইছিলা তৃষ্ণা গুচুৱাই ৷৷
টিহু থানাৰ মাজ সত্রৰ এ, কাঠৰ বিগ্রহ ধৰি
ধাতুৰ গঢ়া বুলি মানে নিলা চুৰ কৰি ৷৷
পিছে কাঠৰ বুলি জানিয়া এ হাতখন ভাঙিলা
সেই কাঠৰ বিগ্রহ আজিও সত্রত শোভা পাইলা ৷৷
আৰু কত বুৰঞ্জী এ টিহুত লুকাই আছে
আজিৰ সভাৰ পণ্ডিতসৱে উদ্ধাৰিব পাছে ৷৷
দুই কুৰি তিনি বছৰ হল আজি সাহিত্য সভাৰ
তাতে আহি ধন্য হয় ভূপেন্দ্র গীতিকাৰ ৷৷
নিৰৱ সাধক পণ্ডিত প্রবৰ এ, শ্রী শৰ্ম্মা যজ্ঞেশ্বৰে ৷
আজি, অসমীয়া সাহিত্যৰ দিগ্ ৰ্শন কৰে ৷৷
সাৰদা বৰদলৈ আজি হে আমাৰ পূজ্য নাট্যকাৰ
ৰামদাসে গুৰি ধৰে গল্প লিখোঁতাৰ ৷৷
আজি মালিক বহে , কবি বহে হে , নৱ পদ্মভূষণ
নিৰ্ম্মাল প্রভাই হাঁহি আছে শুৱাই সভাখন ৷৷
(আকৌ) মালিক বহে নৱ বহে এ আৰু নিৰ্ম্মাল প্রভা
হিন্দু মুছলমান বহে , বহে বড়ো ৰাভা ৷৷
সুভাষ মুখোপাধ্যায় আজি হে আমাৰ মাজত আছে
বঙ্গ অসমৰে সেতু কৱিতাৰে ৰচে ৷৷
অসমৰে যোগ্যপুত্র এ শ্রীফকৰুদ্দিনে
টিহু নগৰ নামিলেহি একচক্র বিমানে ৷৷
বৰপেটাৰ প্রতিনিধি এ শ্রীফকৰুদ্দিন নাম
ৰাষ্ট্রপতি হৈয়ো কৰে টিহুক প্রনাম ৷৷



(লখিমীপথাৰ,টিহু,দুই ফেব্রুৱাৰী,১৯৭৬, টিহুত বহা অসম সাহিত্য সভাৰ ৪৩ তম অধিবেশন উপলক্ষে ৰচা)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: