হে হে হে ঢোলে ডগৰে
হে হে হে হিয়াৰ উমেৰে
নেদেখা এনাজৰীৰে !
হে বান্ধো আমি পাহাৰ শিখৰৰে
মহান চিয়েমক !
হে হে হে চেৰাপুঞ্জীৰে
হে হে হে ভিজা আকাশৰে
উদাৰ মেঘে যেনেদৰে
সাৱটি ধৰে বাৰিষা ৰূপেৰে
আমাৰ লুইতক !
হে হে হে ঢোলে ডগৰে
কৃষ্ণ গৰখীয়াই বায় বাঁহী !
কৃষ্ণ গৰখীয়াই বায় বাঁহী
খাচী গৰখীয়াই বায় শ্বৰাতি
দুয়োটি বাঁহী
বাঁহৰে বাঁহী !
দুয়োটি বাঁহী
বাঁহৰে বাঁহী !
দুয়ো প্রকাশে একটি সুৰক !
হে হে হে ঢোলে ডগৰে
হে হে হে হিয়াৰ উমেৰে
নেদেখা এনাজৰীৰে
হে বান্ধো আমি পাহাৰ শিখৰৰে
মহান চিয়েমক !
হে হে হে ঢোলে ডগৰে
ওখ সৰলৰে পাত সেউজীয়া
আমাৰো আহঁত গছ সেই বৰণীয়া
ব্লেই বা জোনে
পাহাৰ ভৈয়ামতে..
ব্লেই বা জোনে
পাহাৰ ভৈয়ামতে
শাৰদী নিশা ঢালে একেই জোনাক !
ৰঙা পাহাৰৰে (হে) মাটি কাটি
খাচী কৃষকে খাটে দিনে ৰাতি
ভৈয়ামৰো খেতিৰ
হেজাৰ ৰংমনে
ভৈয়ামৰো খেতিৰ
হেজাৰ ৰংমনে
আঁকোৱালি ধৰিছে (এ) সেই কৃষকক !
হে হে হে ঢোলে ডগৰে ৷৷
[চিয়েম: খাচী ৰজা,
জেইন্ চেম্ : খাচী গাভৰুৰ গাৰ কাপোৰ,
ব্লেই : জোন,
উব্লেই: ঈশ্বৰ,
শ্বৰাতি : বাঁহৰ বাঁহি]
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত
গীত)
(মোম্বাই, ১৮/০৭/১৯৬৪)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment