অনুসন্ধান আকাংক্ষাত

Thursday, April 5, 2012

আজি আকাশৰ শেষ হ’ব পাই


আজি আকাশৰ শেষ হব পাই
শেষ বাৰিষাৰ গান !
দিখৌ নৈৰ বুকুতে
সেয়েহে আহিছে
শেহতী বান ৷

কলিয়া ডাৱৰৰ চকুপানী টোকা
কান্দোন পৰিলে ওৰ !
আকাশত উৰিলে
কপাহৰে জোলা
বাজিছে ৰঙৰে সুৰ ৷

উপঙি আহিলে
লেশ লউ  পৰুৱা
শুকাব বাঢ়ণি পানী !
পালেহি খৰালি
তাৰেহি বাতৰি
দিলেহি আনি;
ডাৱৰৰ যুজতে
সূৰুয জিকিলে .. !
এন্ধাৰ কৰবালে গল !
পোহৰৰ কাড়েৰে ডাৱৰ সৰকালে
বতৰ ফৰকালে হ;
আজি আকাশৰ শেষ হব পাই
শেষ বাৰিষাৰ গান !
দিখৌ নৈৰ বুকুতে
সেয়েহে আহিছে
শেহতী বান ৷৷


(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

1 comment:

Unknown said...

ভাল লাগিল ইমান সুন্দৰভাৱে গানটিৰ শাৰীবোৰ আগবঢ়োৱাৰ বাবে৷ আটাইতকৈ ডাঙৰ কথা, নিৰ্ভুলভাৱে৷