অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অলিয়া বলিয়া মন


অলিয়া বলিয়া মন মোৰ
অলিয়া বলিয়া মন
সুন্দৰ সৃষ্টিকাৰী মি অসুন্দৰহাৰী
নতুনতা মোৰ পণ ৷

      শুৱনী ধৰণী সজাওঁ পৰাওঁ
      তুমিয়ে দিয়া তাৰ প্রাণ
      সাত ৰহণৰ ৰামধেনু লৈ
      আকাশ কৰিলো ম্লান ৷৷

লগৰে লগৰী তুমি হবা
মোৰ পথৰে প্রেৰণাৰ বল
পুৰণি পৃথিৱী ন-ৰূপ দি
বান্ধৈ লৈ দুয়োৰে মন ৷৷

(গুৱাহাটী : ১৯৪৮ চন)
(ভূপেন হাজৰিকাদেৱৰ গীত)
ইউনিক'ডীয় ৰূপান্তৰ :  দিগন্ত শইকীয়া

No comments: