অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

লাউ খাওৱাৰ পাৰে (বিয়া নাম) (গোৱালপৰীয়া লোকগীত)


প্র:পা:       (হুই) লাউ খাওৱাৰ পাৰে কি পাৰে মাও
মোৰ কেউৰা বা কেস কী ফুল
বা মোৰ কেউৰা বা কেস কী ফুল
ভূ:হা:       লাউ খাওৱাৰ পাৰে কি পাৰে মাও
তোৰ কেউৰা বা কেস কী ফুল
মাও তোৰ কেউৰা বা কেস কী ফুল

তোৰ বাবাই সোনে আঞ্চে কি আঞ্চে মাও
তোৰ ভেঙৰা বাজাইয়া পাৎথৰ
মাও তোৰ ভেঙৰা বাজাইয়া পাৎথৰ
প্র:পা:       মুই ভেঙৰাৰ ভীতি দেখুম কি দেখুম মাও
মুই হাঁসুম বা মনে মনে
মাও মুই কান্দুম বা চিতে চিতে ৷
ভূ:হা:       অ তোৰ দাদাই সনে আঞ্চে কি আঞ্চে মাও
তোৰ কাণা বাজাইয়া পাৎথৰ
মাও তোৰ কাণা বাজাইয়া পাৎথৰ
প্র:পা:       মুই কাণাৰ ভীতি দেখুন কি দেখুন মাও
মুই হাঁসুম বা মনে মনে
মাও মুই কান্দুম বা চিতে চিতে
ভূ:হা:       তোৰ চাচাই সোনে আঞ্চে কি আঞ্চে মাও
তোৰ তেৰা বাজাইয়া পাৎথৰ
মাও তোৰ তেৰা বাজাইয়া পাৎথৰ ৷
প্র:পা:       মুই তেৰাৰ ভীতি দেখুন কি দেখুন মাও
ই হাঁসুম বা মনে মনে
মাও মুই কান্দুম বা চিতে চিতে
দুয়ো:        (হুই) লাউ খাওয়াৰ পাৰে কি পাৰে মাও
মোৰ কেউৰা বা কেস কী ফুল
মাও মোৰ কেউৰা বা কেস কী ফুল
প্র:পা:       কেউৰা বা কেস কী ফুল
ভূ:হা:       মাও তোৰ কেউৰা বা কেস কী ফুল
প্র:পা:       মাও মোৰ কেউৰা বা কেস কী ফুল
ভূ:হা:       মাও তোৰ কেউৰা বা কেস কী ফুল
প্র:পা:       মাও মোৰ কেউৰা বা কেস কী ফুল
ভূ:হা:       মাও তোৰ কেউৰা বা কেস কী ফুল
প্র:পা:       মাও মোৰ কেউৰা বা কেস কী ফুল

(প্রতিমা বৰুৱা পাণ্ডে আৰু ভূপেন হাজৰিকাদেৱৰ কন্ঠত নিগৰিত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: