নাৰী: হে
বৃন্দাবন শুৱনি
কলীয়া গোসাঁই অ’..
হাতত বিন..ন্দীয়া বাঁহী..
হে বাঁহীৰ সুৰে বাউ..লী
কৰিলা চেনাই অ’.....
মুখ..লৈ আনি..লা
হাঁহি ৷
ভূ:হা: অ’ শুনালী
অ’ শুনালী
এ তুমি আহিলে ঘৰে জোন জোনালী
অ’হ মোৰ লাহৰি
অ’ লাহৰি
আহা আমাৰ ফালে হৈ বোৱাৰী
হে মৰমৰ নবৌৱে দিব সজাই পৰাই,
মৰমৰ নবৌৱে দিব সজাই পৰাই
অ’ তিৰহেদৈ
দুয়ো একেলগে খাম চিৰা দৈ
নাৰী: মৰমৰ
নবৌৱে দিব সজাই পৰাই
অ’ তিৰহেদৈ..
দুয়ো একেলগে খাম চিৰা দৈ
অ’ তিৰহেদৈ !
দুয়ো: দুয়ো
একেলগে খাম চিৰা দৈ !
ভূ:হা: সোণৰ
পালেং
সজাই দিম..
ৰূপৰ কাঁহীত খাবাহি ভাত,
সোণৰ পালেং সজাই দিম..
ৰূপৰ কাঁহীত খাবাহি ভাত
নাৰী: হায় ঐ..
সোণৰে পালেং মোক
নালাগে চেনাই ঐ
ৰূপৰে কাঁহীত নেখাও মই
ভাতে হেৰা চেনাই ধন
তুমি মোৰে জীৱনৰ
ভূ:হা: তুমি মোৰে
যৌৱনৰ
দুয়ো: তুমি মোৰে
হেপাহৰ লাৰু
নাৰী: হায় ঐ..
সোণৰে পালেং মোক নালাগে চেনাই ঐ
ৰূপৰে কাঁহীত নেখাও মই
ভাতে হেৰা চেনাই ধন
তুমি মোৰে জীৱনৰ
ভূ:হা: তুমি মোৰে
যৌৱনৰ
দুয়ো: তুমি মোৰে
হেপাহৰ লাৰু
ভূ:হা: পহলায়ে
পাৰো পাতি
মন আছে নে মৰম ধন
থাকিবানে আজি ৰাতি
মন আছে নে মৰম ধন,
হে ঘিলা খেলা খেলিবৰ
ঘিলা খেলা খেলিবৰ মন
নাৰী: ঘিলা
খেলা খেলিবৰ
মন আছে মোৰ চেনাইটি
ঘিলা খেলা খেলিবৰ
মন আছে মোৰ চেনাইটি
ভূ:হা: গাখীৰতে
মহৰ খুটি
নাৰী: থাকিবলে
আজি ৰাতি
মন আছে মোৰ চেনাইটি
ভূ:হা: গাখীৰতে
মহৰ খুটি
নাৰী: পিছে গছত
তুলি নাকাটিবা
গুৰি
কলিজা মোৰ নামাৰিবা খৰি
ভূ:হা: নামাৰো দে
খৰি
অ’ লাহৰি
এ অ’হ’ লাহৰি
আহা আমাৰ ফালে
হৈ বোৱাৰী
অ’ লাহৰি
অ’হ’ লাহৰি
আহা আমাৰ ফালে হৈ বোৱাৰী
মৰমৰ নবৌৱে দিব সজাই পৰাই
দুয়ো: মৰমৰ
নবৌৱে দিব সজাই পৰাই
অ’ তিৰহেদৈ
দুয়ো একেলগে খাম চিৰা দৈ
এ অ’ তিৰহেদৈ
দুয়ো একেলগে খাম চিৰা দৈ ৷৷
(ভূপেন হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে
নিগৰিত গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment