অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

জীৱন জুৰি গীতেই গালোঁ


জীৱন ..জুৰি ...গীতেই গালোঁ...
প্রেৰনা স্মৃতিৰে ভাহে.. !
জীৱন জুৰি গীতেই গালোঁ
প্রেৰনা স্মৃতিৰে ভাহে.. !
হাঁহিৰে গান শুনাব খোজোঁ
হাঁহিৰে গান শুনাব খোজোঁ
বেদনাৰ সুৰ হে আহে .!
জীৱন জুৰি গীতেই গালোঁ
প্রেৰনা স্মৃতিৰে ভাহে.. !

বিশেষজনক বাবে নহয়
হেজাৰ শ্রোতাৰ বাবে !
বিশেষজনৰ বাবে নহয়
হেজাৰ শ্রোতাৰ বাবে !
হৃদয় লিপিত লিখা আছে যি ..
হৃদয় লিপিত লিখা আছে যি
গুপুতে নিজৰ বাবে..
গুপুতে নিজৰ বাবে....
হাঁহিৰে গান শুনাব খোজোঁ
হাঁহিৰে গান শুনাব খোজোঁ
বেদনাৰ সুৰ হে আহে .!
জীৱন জুৰি গীতেই গালোঁ
প্রেৰনা স্মৃতিৰে ভাহে.. !

জীৱন জানো আশা নহয় ?
বিশেষ ক্ষণৰ বাবে
জীৱন জানো আশা নহয় ?
বিশেষ ক্ষণৰ বাবে
পথৰ মাজত যদি হেৰায় !
পথৰ মাজত যদি হেৰায় !
এন্ধাৰে ঢাকি ধৰে !
এন্ধাৰে ঢাকি ধৰে !
হাঁহিৰে গান শুনাব খোজোঁ
হাঁহিৰে গান শুনাব খোজোঁ
বেদনাৰ সুৰ হে আহে .!
জীৱন জুৰি গীতেই গালোঁ
প্রেৰনা স্মৃতিৰে ভাহে.. !
হাঁহিৰে গান শুনাব খোজোঁ
হাঁহিৰে গান শুনাব খোজোঁ
বেদনাৰ সুৰ হে আহে .!
জীৱন জুৰি গীতেই গালোঁ
প্রেৰনা ! স্মৃতিৰে ! ভাহে..!  ৷৷

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: