এ’ জীৱন নদীৰ কতনা মোহনা
কোনটো দিশেৰে
ঘাট
এ’ ক’তেনো পামগৈ
মৰমৰে ভৰে
এষাৰি আপোন মাতে, মোৰ বান্ধ ঐ
চিনাই নিদিয়াঁনে
বাট ?
সঁচা সোণৰ মৰম
যাচি যাচি পালোঁ
শোকেৰে জীৱনটো
জোৰা
কাঁচৰে মোলতে
সোণবোৰ বিকিলোঁ
কিনো কপালখনো
পোৰা ৷
বেহা হেৰুৱালোঁ
ভুৱা হাট বেহালোঁ
চিনাই নিদিয়ানে
বাট ?
“এমন ৰসেৰ নদীতে সই গো
ডুব দিলাম না;
নদীৰ কুলে কুলে
ঘৰে বেড়াই কূলে
কূলে
পাইনা ঘাটেৰ
ঠিকানা ৷”
আলহীঘৰটি
জিৰণীয়া ঘৰে
ডুদিনীয়া
ক্ষণিকৰ
সিও যে হয়গৈ
আপোনাৰে ঘৰে
ওৰেটি জীৱনৰ ৷
চেনেহ ঢালি ঢালি
ল’লো আঁকোৱালি
চিনাই পৰি যায়
শাঁত
চিনাই নিদিয়ানে
বাট ?
“নিত্য ঘাটে স্নান কৰিতাম
জলেৰ ছায়াম ছুই
গ’
দেখতাম না ঘৰ,
জলে নামি নামি
নামি ব’লে ,নামি নামি
পৰাণ ভয়ে নামিনা
সইগো
ডুব দিলাম না ৷”
চনকা মনটি বৰ
আদৰুৱা
ঠনুকাই ঠুনুকাই
ভাগে
অচিন ভাবৰে
নিঠৰুৱা জীৱ
ঘনে ঘনে আউল
লাগে ৷
নিশাৰে সপোনটি
নুবুজা মায়া যেন
নেপাওঁ সপোনটি
নুবুজা মায়া যেন
নেপাওঁ দেখোঁ
তাৰে আঁত
চিনাই নিদিয়ানে
বাট ?
(কথাছবি: পলাশৰ ৰং, ১৯৭৬ চন)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment