অনুসন্ধান আকাংক্ষাত

Thursday, April 5, 2012

আজি জীৱন বুটলিবি


আজি জীৱন বুটলিবি
        হাঁহি হাঁহি আহ্
আজি মৰণ পাহৰিবি
        হাঁহি হাঁহি আহ্
বাঁহিটি লৈ আহ্
আৰু হাঁহিটি লৈ আহ্   
আজি যুগৰ নতুন দিগন্তলৈ
ওলাই ওলাই আহ্ ৷

        মনৰ চৰাইটিক আৰু কিমান বান্ধিবি
        কালৰ এলান্ধু চাই কিমান কান্দিবি ?
        আজি বন্ধ সজাৰ দুৱাৰ ভাঙি নাহনে ওলাই ?
        আজি জ্যোতৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ্ ৷

(আজি) সময় ধাৰাপাতত দেখোন নাই বিয়োগৰ ঘৰ
জীৱন-পথাৰ নদন-বদন মুক্ত মানুহৰ
কিমান নিদি কিমান পালি কিমান গণিবি ?
ৰাহিখিনি পূৰণ কৰি কিমান সাঁচিবি ?
আজি ত্যাগৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ্ ৷

আজি যুগৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ্ ৷
আজি জ্যোতিৰ নতুন দিগন্তলৈ ওলাই ওলাই আহ্ ৷

(কলকাতা: ১৯৭০ চন)
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: