অনুসন্ধান আকাংক্ষাত

Thursday, April 5, 2012

আকাশ বিশাল



আকাশ.. বিশাল
সাগৰ .. বিশা..ল
আকাশ বিশাল ..
সাগৰ  বিশাল
তাতোকৈ ও  বিশাল মাতৃ হৃদয়
পশু-পক্ষী বা নৰ-নাৰীৰ
মাতৃৰ স্নেহমায়া চিৰ মধুময় ৷

আকাশ  বিশাল
সাগৰ .. বিশাল !
আকাশ বিশাল ..
সাগৰ বিশাল
তাতোকৈ ও   বিশাল মাতৃ-হৃদয়
পশু-পক্ষী বা নৰ-নাৰীৰ
মাতৃৰ স্নেহমায়া চিৰ মধুময় ৷

মাতৃৰ প্ৰতি ধনী দুখীয়াৰ
মায়া-মমতা একেটাই
মাথোঁ বিভেদ
হৈ নিস্বাৰ্থ  সদায় ..!
পশু-পক্ষী বা নৰ-নাৰীৰ
মাতৃৰ স্নেহমায়া চিৰ মধুময় ৷

মাতৃ যদি সন্তানহীনা হয়
জীৱন পূৰ্ণ নহয়
ধৰাৰ স্বৰ্ণহীৰা মণি মৰকত
মাটিৰ চপৰাহে হয় ৷

কোনো সন্তানৰ দৰিদ্র মাতৃয়ে
গোপনে চকুলো সৰায়
ৰক্ষা কৰাৰ সংগ্রামত
কলিজাৰো শোণিত বোৱায়
পশু-পক্ষী বা নৰ-নাৰীৰ
মাতৃৰ স্নেহমায়া চিৰ মধুময় ৷

যি মাতৃয়ে আপোন সন্তানৰ
কিছু স্বীকৃতি নেপায়
তেনে সন্তানে
জীৱন মৰুত  শান্তি সিন্ধু হেৰুৱায় ..
পশু-পক্ষী বা নৰ-নাৰীৰ
মাতৃৰ স্নেহমায়া চিৰ মধুময়
আকাশ   বিশাল
সাগৰ বিশাল..
তাতোকৈ ও  বিশাল মাতৃ-হৃদয়
পশু-পক্ষী বা নৰ-নাৰীৰ
মাতৃৰ স্নেহমায়া চিৰ মধুময়
মাতৃৰ স্নেহমায়া চিৰ মধুময় .. !!


(কথাছবি: মা .১৯৮৩ চন )
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: