অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অ’ কুলিটি কি গাইছাঁ


(অ কুলিটি
কি গাইছা
পিয়া পিয়া পিয়া নহয়
হিয়া দিয়া নিয়া) - ২
-
কৌটিকালৰ বনানি অপাৰ
-
কৌটিকালৰ বনানি অপাৰ
নিজৰাৰ কঁপনি হেজাৰ
আই ঐ তুমি মোৰ নে কাৰোবাৰ
কথা দিলোঁ সদায় তোমাৰ
এই আশাতে আনন্দতে
কিবা হয় ভুল
মদাৰ গছত যেন এজাৰৰে ফুল 
(প্ৰথমখিনি) 
-
আগুৱাওঁ অহোৰাত্রি
-
আগুৱাওঁ অহোৰাত্রি
অনন্ত সুৰৰে যাত্রী
নাহে যেন দুখ-ৰাত্রি
হওক নিতে ন-সৃষ্টি
-
তুমি গাই যোৱা
গীত মই লিখোঁ
মিঠা কবিতা
সেউজৰে সৰগ
সোণালী সবিতা 
(প্ৰথমখিনি)
নহয় হিয়া দিয়া নিয়া - ২ ।। 

( কলকাতা : ১৬ জুন,১৯৯৪ চন )
ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া

No comments: