অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অলৌগুটি তলৌগুটি



অলৌগুটি তলৌগুটি
কোন কত লটি-ঘটি
কচুপাতত লাই
যি হাতে আঙঠি নাই
সেই হাতে কেনেকৈ পায় ... ঐ ৰাম
সেই হাতে কেনেকৈ পায় ?
ৰৌ, কুঢ়ি, চেনিপুঠি
চিতলৰে কলঠি
লগতে শাক লফা লাই
কি কত বিচাৰি গৈ
কোনে হাবাথুৰি খায় .. ঐ ৰাম
কোনে হাবাথুৰি খায় ?

কোন মৎস্যকন্যা এহি ... ঐ ৰাম
আঙঠি হেৰুৱালে .....     ঐ ৰাম
পানী তুলিবলৈ গৈ .....    ঐ ৰাম
পানী তুলিবলৈ গৈ
চিক্ মিক্ আঙঠি ...     ঐ ৰাম
দৰিদ্রজনৰে ......         ঐ ৰাম
গৃহ উজলালে গৈ ..      ঐ ৰাম
গৃহ উজলালে গৈ ৷

কোন কত আছাঁ
সোণৰে সদাগৰ ?
দৰদাম কৰাঁহি চাই
সোণাৰি শালতে বহি
শিলৰে পাটতে ঘঁহি
সোণৰে আঙঠি কিনা
নেপাবা দুনাই ৷৷

(কথাছবি : শকুন্তলা, ১৯৬১ চন )
(ভূপেন হাজৰিকাদেৱৰ গীত)
ইউনিক'ডীয় ৰূপান্তৰ :  দিগন্ত শইকীয়া

No comments: