অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

প্রথম প্রহৰ ৰাত্রি


প্রথম প্রহৰ ৰাত্রি ফুলি আছিল চম্পা ৷
শুনা সখী শকুন্তলা তুলি বান্ধা খোপা ৷৷

দ্ধিতীয় প্রহৰ ৰাত্রি ফুলি আছিল তগৰ ৷
শুনা সখী ৰূপৱতী নধৰা জগৰ  ৷৷

তৃতীয় প্রহৰ ৰাত্রি ফুলিলে শেৱালি ৷
কেতেকীয়েও তোমাৰ হিয়াত পৰাগ দিলে ঢালি ৷৷

আইদেউৰে গালৈকে চাবকে নোৱাৰি ৷
হীৰা কি মুকুতা জ্বলে ধৰিব নোৱাৰি ৷৷

ষষ্ঠ প্রহৰ ৰাত্রি ফুলি আছিল যূতি ৷
তোমাৰ স্বামী দুষ্যন্তকে আজি কৰা স্তুতি ৷

(কথাছবি: শকুন্তলা, ১৯৬১ চন)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: