মনত আছে নে ?
দৰিকা দিচাঙে পানী বাঢ়ি গ’লে
ময়ো বৰ এজনী হ’লো
তোৰে সতে সাঁতুৰি থাকোঁতে
বাইদেউৰ কতনে শপনি খালোঁ
মনত আছে নে বোলো আছে নে ?
ৰাতিৰে ৰেতিটো সপোন দেখিছিলোঁ
মনতে পাতি তোক দৰা
কুকুৰাৰ ডাকতে তোকে যে ক’লো গৈ
সপোনটো প্রথমৰে পৰা
মনত আছে নে বোলো আছে নে ?
থুৰিয়াই থুৰিয়াই তামোল
কাটিছিলোঁ
মাজতে ভৰাইছিলোঁ লং
তোলৈ আহিম বুলি কাপোৰ ধুই
দিছিলোঁ
মনত লগাইছিলোঁ ৰং
মনত আছে নে বোলো আছে নে ?
গাঁওখন এৰি তই ক’লৈনো গ’লিগৈ
সমিধান নিদিয়া হ’লি
তোক এই বিহুতে বৰিব নেপালে
কৈছিলোঁ মৰিমেই বুলি
মনত আছে নে বোলো আছে নে ?
(কলকাতা,৫ ফেব্রুৱাৰী,
১৯৮২ চন , লতা মঙ্গেছকাৰে গাবৰ কাৰণে ভূপেন হাজৰিকাদেৱে ৰচা)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment