নাৰীসকল : অ’ ও ও .. (আলাপ)
ভূ:হা: কঁপি উঠে কিয় তাজমহল ?
নাৰী : কঁপি উঠে কিয় তাজমহল ?
দুয়ো: তাজমহল ... ! তাজমহল ...!
তাজমহল ... ! তাজমহল !
তাজমহল ... !
নাৰীসকল : অ’ ও ও .. (আলাপ)
নাৰী : পুৱতি নিশাৰ অজানাৰ স’তে আজান
যমুনা তুলি
শত-ধুমুহাৰ কোলাহল
দুয়ো: তাজমহল ! তাজমহল !!
নাৰীসকল : অ’ ও ও .. (আলাপ)
নাৰী : ই যে
ছাহজাহানৰ হিয়াৰ আজান
ভূ:হা: অ’ মমতাজ জান !
দুয়ো: অ’ মমতাজ জান !
নাৰী :
অকলশৰীয়া হায়
কান্দে মোৰ ছাহজাহান
দুয়ো: তাজমহল ! তাজমহল ! তাজমহল !
নাৰীসকল : অ’ ও ও .. (আলাপ)
তাজমহল ! তাজমহল ! তাজমহল !
নাৰীসকল : অ’ ও ও .. (আলাপ)
ভূ:হা: ক’ত শ্রমিকৰ ঘামৰ টোপাল
নাৰী : ক্লান্তিৰে কত চকুলো ভয়াল
মমতাজে কৰে নতশিৰে
দুয়ো: মমতাজে কৰে নতশিৰে
সিহঁতক চালাম !
কিহৰ কবিতা অ’
গঢ়িলা তাজমহল
তাজমহল ..! তাজমহল ..!
ভূ:হা: : মমতাজে কয় উচুপি উচুপি
মমতাজে কয় সমাধিত বহি
নাৰী: প্রেমিক প্রিয় ছাহজাহান
প্রেমিক প্রিয় ছাহজাহান
দু:খ হ’ল অৱহান
আশাৰ ফলিল ফল
গঢ়িলা তাজমহল ৷
দুয়ো : তাজমহল ! তাজমহল !!
ভূ:হা: তাজমহল !
নাৰী: তাজমহল !
ভূ:হা: তাজমহল !
নাৰী: তাজমহল !
ভূ:হা: তাজমহল !
নাৰী: তাজমহল !
ভূ:হা: তাজমহল !
নাৰী: তাজমহল !
ভূ:হা: তাজমহল !
নাৰী: তাজমহল !
ভূ:হা: তাজমহল !
নাৰী: তাজমহল !
নাৰী: ও ও ও .. (আলাপ)
( বাৰাণসি: ১৯৪৩ চন কথাছবি : চিৰাজ,
১৯৪৮ চন)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment