ভালকে পুনৰ
চোঁৱা এবাৰ..
কোৱাঁচোন চিনিব
পাৰিছাঁনে ?
ভালকে পুনৰ
চোঁৱা এবাৰ..
কোৱাঁচোন চিনিব
পাৰিছাঁনে ?
মোৰ দুচকুত চকু
ৰাখি কোৱাঁ
মনৰ বী..ণা বাজিছেনে ?
ভালকে পুনৰ
চোঁৱা এবাৰ..
কোৱাঁচোন চিনিব
পাৰিছাঁনে ?
সোণালী আবেলি
গছৰ ছাঁত
মুখামুখি বহি
নীল গধুলিত
সোণালী আবেলি
গছৰ ছাঁত
মুখামুখি বহি
নীল গধুলিত
কতনা গীত শুনাইছিলাঁ..
কতনা গীত
শুনাইছিলাঁ..
কোৱাঁচোন মনত
পাৰিছেনে ?
মোৰ দুচকুত চকু
ৰাখি কোৱাঁ
মনৰ বী..ণা বাজিছেনে ?
ভালকে পুনৰ
চোঁৱা এবাৰ..
কোৱাঁচোন চিনিব
পাৰিছাঁনে … ?
অ’.. পটভূমিকাত সু-নীলাচল
নাগৰিকজনে হাঁহে
জলমল
পটভূমিকাত সু-নীলাচল
নাগৰিকজনে হাঁহে
জলমল
প্রেমৰ গীত
কোনেনো শুনাব
প্রেমৰ গীত
কোনেনো শুনাব
মই আজি দেখোঁ
তুমিহীনা
মোৰ দুচকুত চকু
ৰাখি কোৱাঁ
মনৰ বী..ণা বাজিছেনে ?
ভালকে পুনৰ
চোঁৱা এবাৰ..
কোৱাঁচোন চিনিব
পাৰিছাঁনে … ?
মোৰ দুচকুত চকু
ৰাখি কোৱাঁ
মনৰ বী..ণা বাজিছেনে ?
ভালকে পুনৰ
চোঁৱা এবাৰ..
কোৱাঁচোন চিনিব
পাৰিছাঁনে … ?
(ভূপেন হাজৰিকাদেৱে ৰচা আশা ভোশলেৰ
কন্ঠেৰে নিগৰিত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment