অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

কোন এই ললনা


কোন এই ললনা
মাথোঁ কৰে ছালনা
ধৰা দেখোঁ দিয়া নাই ৷
দিয়া নাই
দিয়া নাই ৷

চাই অতীতৰ কোনো ছায়া
নে বৰ্ত্তমানৰ কায়া
নে অনাগত ভৱিষ্যৎ
সাথৰভৰা মায়া

বুজা নাই
বুজা নাই
বুজা নাই ৷
অতীতৰ কুঁৱলী
তাই আহে ফালি ফালি
চিনাকি চিনাকি লাগে
স্ম্মৃতি দেখোঁ নেজাগে ৷

শুনি তাইৰ নিশ্বাস
মই পাওঁ আশ্বাস
অতীতৰ হাতবাউলি
হয় কিয় বিশ্বাস ?

তাই উৰি উৰি যোৱা সুৰ
নে ৰূপান্তৰৰ ৰূপ
নে আদি অনাদি প্রশ্নৰ
নিৰুত্তৰ স্বৰূপ
বুজা নাই
বুজা নাই ৷

(কথাছবি: কুঁৱলী)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: