অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

ভাবিছিলো তুমি হাত মেলিলেই


ভাবিছিলো তুমি হাত মেলিলেই
বিশাল আকাশ পাবা
হয়তো তুমি পোৱা নোপোৱাৰ
দোমোজাত পৰি ৰবা
পায়ো হেৰুওৱাৰ অনুভুতিখিনি
কলিজাত সাঁচি থবা
সোঁৱৰণী মোৰ যিকণ পালা
তাকেই সাৱটি লবা
সেই সোঁৱৰণী বুকুতেই তুমি
গুপুতেই সাঁচি থবা 
ভাবিছিলো তুমি হাত মেলিলেই
বিশাল আকাশ পাবা
-
তৰু তৃণে হাঁহি নাচিছিলে কত
সেউজ সাজেৰে সাজি
তৰু তৃণে জানো সলাব বাগৰ
নঙঠা ডালেৰে আজি
শুকান নদীৰ শুনি হাহাকাৰ
ডাৱৰে উঠিব গাজি
সেমেকা চকুত অশ্রু নমাব
অতীতৰ সুৰ বাজি
সেই সুৰধ্বনি মৌনতাৰেই
বুকুতেই সাঁচি থবা 
ভাবিছিলো তুমি হাত মেলিলেই
বিশাল আকাশ পাবা-
জীৱন এটি সাঁথৰ  মাথোঁ
অৰ্থ ভঙাহে টান
হাঁহিব খুজিলেই কিহবাই যেন
ত্রাসতে কঁপায় প্রাণ
কতনো অপ্রকাশিত
বেদনাৰ আহে বান
বানৰ জোৱাৰে ছিঙি ভাঙি নিয়ে
যত মান অভিমান
অভিমানখিনি অভিনয়ৰেই
লুকুৱাই তুমি থবা 
ভাবিছিলো তুমি হাত মেলিলেই
বিশাল আকাশ পাবা-
মানা বা নেমানা কিছু কথা যেন
হঠাতেই ঘটি যায়
নেমানোঁ বোলিও নোৱাৰাঁ থাকিব
তুমি যেন নিৰুপায়
প্রতিদিনে কত ঘটনা ঘটে
অচিন আঘাত পায়,
সময়ৰ এটি গুণ আছে ←২
ই আঘাত শুকুৱায় ←২
ধৈৰ্য্যখিনি নিৰ্ভীকভাৱেই
বুকুতেই পুহি থবা.... ।।

(কথাছবি: ময়ুৰী , ১৯৮৬,বালিকটা)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: