অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অ’ অভিমানী বন্ধু

[Bhupen Hazarika's  Assamese Songs and Lyrics:- O Aubhimani Bondhu]

অভিমানী বন্ধু
 ভুল নুবুজিবা
       নাপাহৰিবা..
    পাহৰি নাযাবা
অভিমানী বন্ধু
ভুল  তুমি নুবুজিবা
      নাপাহৰিবা..
     পাহৰি নাযাবা ৷

সংযমহীনা বুলি দোষিছিলা
      তুমিয়ে চাগে শুদ্ধ
পৰ পুৰুষৰ অধিকাৰ নাই
     সেয়ে মোৰ পথো ৰুদ্ধ !
সেয়ে বিদায় মাগিলোঁ
     হাৰো মানিলোঁ
 বিদায় মাগিলোঁ
     হাৰো মানিলোঁ
     কৰি নিয়তিৰে যুদ্ধ... !
     নাপাহৰিবা..
    পাহৰি নাযাবা
অভিমানী বন্ধু
ভুল তুমি নুবুজিবা
       নাপাহৰিবা..
    পাহৰি নাযাবা ৷


তম্বু তৰিলোঁ 
       তোমাৰ সভাত
         লুকাই খেলিলোঁ খেলা
তম্বু তৰিলোঁ 
       তোমাৰ সভাত
         লুকাই খেলিলোঁ খেলা
অঘৰী জীৱন   
           ঘৰতো নাপাম
       শূন্যতে মোৰ মেলা !

সংযমহীনা বুলি দোষিছিলা
      তুমিয়ে চাগে শুদ্ধ
পৰ পুৰুষৰ অধিকাৰ নাই
     সেয়ে মোৰ পথো ৰুদ্ধ !
সেয়ে বিদায় মাগিলোঁ
     হাৰো মানিলোঁ
 বিদায় মাগিলোঁ
     হাৰো মানিলোঁ
     কৰি নিয়তিৰে যুদ্ধ... !

       নাপাহৰিবা..
       পাহৰি নাযাবা
অভিমানী বন্ধু
ভুল তুমি নুবুজিবা ....
   নাপাহৰিবা..        
      পাহৰি নাযাবা ....
...অভিমানী বন্ধু....
 ভুল নুবুজিবা .... 
       নাপাহৰিবা..
       পাহৰি নাযাবা... ৷৷

(কথাছবি : মন প্রজাপতি,১৯৭৮ চন )
আশা ভোশলে কন্ঠেৰে নিগৰিত গীত
ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া

No comments: