অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

যা: যাগৈ জীৱনৰ


যা: যাগৈ জীৱনৰ
যোৱা দিনবোৰ
যা: আমনি নকৰিবি !
যা: যাগৈ পুৰণি
গোৱা গীতবোৰ
যা: অগনি নজ্বলাবি !
যা: যাগৈ জীৱনৰ
যোৱা দিনবোৰ
যা: আমনি নকৰিবি !
যা: যাগৈ পুৰণি
গোৱা গীতবোৰ
যা: অগনি নজ্বলাবি !

মিঠা মিঠা কিবা সোঁৱৰণি
পাহৰা গীতৰে কথাখিনি
চিনাকি চিনাকি মুখ এখনি
সুঁৱৰিও দেখোঁ নেপাওঁ চিনি !
যা: যাগৈ জীৱনৰ
যোৱা দিনবোৰ
যা: আমনি নকৰিবি !
যা: যাগৈ পুৰণি
গোৱা গীতবোৰ
যা: অগনি নজ্বলাবি !

এৰি অহা দূবৰি
কিয় বাৰু গচকোঁ ?
আশাৰে ৰঙা ৰং
মেঘেৰে নাঢাকোঁ ?
নাই আৰু নাভাবোঁ,
মনতো নাৰাখোঁ
নাই নাৰাখোঁ !!
উকা নিশাৰে এই সময়খিনি
নেযায় নুপুৱায় কি যে  বিঘিনি !
পাহৰি সুৰ পুৰণি
সাৱতো নতুনৰে আঁচনি !
যা: যাগৈ জীৱনৰ
যোৱা দিনবোৰ
যা: আমনি নকৰিবি !
যা: যাগৈ পুৰণি
গোৱা গীতবোৰ
যা: অগনি নজ্বলাবি !
যা: যাগৈ জীৱনৰ
যোৱা দিনবোৰ
যা: আমনি নকৰিবি !
যা: যাগৈ পুৰণি
গোৱা গীতবোৰ
যা: অগনি নজ্বলাবি !

(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: