জাগ্রত মানুহৰ
ছাঁ দেখি কিয়
দিনে-ৰাতি উচপ
খোৱাঁ ?
আলসুৱা আকাশত
কুঁৱলীৰ হ্মুখা-পিন্ধা
ৰামধেনু কেলেই
খেদি যোৱাঁ ?
ধুলিৰ ধৰাত জীৱন
সৰগ ওপজে
নতুন ৰহণ পোৱা
আলিটিৰ আশে-পাশে
মানুহ নেওচি যোৱাঁ ৷
নতুন মৌচুমীৰ
বৰষুণ পৰিছে
শুকান ধৰণীত
চোৱাঁ ৷
যুগৰ কঠীয়া ধৰাত
নাচিছে
তাকেহে সাবটি
লোৱাঁ ৷৷
(মস্কো: ১৯৫৫ চন)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment