অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

নামৰে কঠীয়া অ’ (বিহু)


নাৰী:    হে নামৰে কঠীয়া অ..             
ঈশ্বৰে  দিছিলে....
হে ব্রহ্মায়ে সৰজা নাম ...
ভূ:হা:  হে বেয়া নাম ওলালে অ...      
খেমিবা সদৌৱে
            হে পীৰিতি নামকে গাম ..

ভূ:হা:  অই ছোৱালী                           
গা ঐ ..
বোলো তত ? ..
নাৰী:    ততে চকৰী
ভূ:হা:  হাগত ? ..
নাৰী:    হাগত বগৰী
ভূ:হা:জেঠতে ? ..
নাৰী:    জেঠতে আমনা ধান
ভূ:হা:আৰু ?
নাৰী:    গৰু বিহু দিনা ..
ভূ:হা: হে বাৰু ..
নাৰী:    বি আশীৰ্বাদ
ভূ:হা: হে মে ..
নাৰী:    পাবি বৈকুন্ঠতে স্থান
যুতি ফুলে মালতী ..
ভূ:হা:  সিফালে টকাৰ মাত
নাৰী:    যুতি ফুলে মালতী ..
ভূ:হা:  সিফালে টকাৰ মাত
নাৰী:    যুতি ফুলে মালতী ..
দুয়ো:   মাজতে সোলেং গুৰিৰ সুঁতি
যুতি ফুলে মালতী ..
ভূ:হা:  টকাৰ মাতে শুনি
দুয়ো:   যুতি ফুলে মালতী ..
ভূ:হা:  বাঢ়িল চতীয়না
নাৰী:    যুতি ফুলে মালতী
দুয়ো:   পুলিয়ে না ধৰিলে গুটি
            যুতি ফুলে মালতী
            পুলিয়ে না ধৰিলে
পুলিয়ে না ধৰিলে গুটি

ভূ:হা:  বিহুৰে বাতৰি.. নিদিবি কুলিটি
অলিয়া বলিয়া মন
নাৰী:    হে লীয়া চেনাই মোৰ আছে বিদেশতে
            হে ঘটিছে বণিজৰ ধন

ভূ:হা:  ধন ধন ধন ধনে ঐ ..
কি হব ?
নাৰী:    ধন ধন ধন ধনে ঐ ..
ভূ:হা:  নহলে
নাৰী:    ধন ধন ধন ধনে ঐ ..
ভূ:হা:  নেলাগে
নাৰী:    নহলে বিহুৱা মন
দুয়ো:   মন মন মন মনে ঐ ..
ভূ:হা:  সুৰীয়া
নাৰী:    মন মন মন মনে জু...ৰণীয়া
দুয়ো:   মন মন মন মন নহয় উৰণীয়া মৌ !

ভূ:হা:  হয় নেকি অ ?
ভূ:হা:  হয়ে কি হয় হয় হয় হয় ..
কেহ কলি নিকলি
নাৰী:    হয়ে কি হয় হয় হয় হয় ..
ভূ:হা:  কপাহ সূতা মুকলি
নাৰী:    হয়ে কি হয় হয় হয় হয় ..
ভূ:হা:  ঠেহ পাতি নেখালি
ঠেহ পাতি নেখালি
ঠেহ পাতি নেখালি ভাত !
দুয়ো:   হয়ে কি হয় হয় হয় হয় 
ভূ:হা:  এপুৰা সেন্দুৰৰ
নাৰী:    হয়ে কি হয় হয় হয় হয় ..
ভূ:হা: যোৰ ফোঁট মাৰি লৈ
নাৰী:    হয়ে কি হয় হয় হয় হয় ..
ভূ:হা:  ৰঙা ৰিহা ললি ঐ
ৰঙা ৰিহা ললি ঐ
ৰঙা ৰিহা ললি ঐ গাত ৷

ভূ:হা:  উজায়ে চালোঁ মই                   
ভটিয়াই.. চালোঁ মই
            তোমাৰ মান শুৱনি নাই
নাৰী:    ইডৰা বন বননিত                   
কোনে জু..ই জ্বলালি
            কি যে ঐ পীৰিতিৰ ঠাই

ভূ:হা:  পীৰিতি পীৰিতি পীৰিতি
নাৰী:    পীৰিতি মিঠা চুৰা দৈ
দুয়ো:   পীৰিতি পীৰিতি পীৰিতি
পীৰিতি বোৱা বোৱতী নৈ
পীৰিতি পীৰিতি পীৰিতি
ওৰে জীৱন থাকিব বৈ

ভূ:হা:  হে আমনা ধানকে        দাবলৈ গৈছিলা
            বাউলী বতাহে পালে সমনীয়া
 বাউলী বতাহে পালে !
নাৰী:    কাচি দলি মাৰি হাবিতে সোমালোঁ
কাচি দলি মাৰি হাবিতে সোমালোঁ
            ওঁঠতে বৰলে খালে গহনা
ইমাননো যাতনা দেহানো দেহানো
কেনেকৈ সহে ?

ভূ:হা:  হে চতেনো মহীয়া .. ৰদে চৌৱে চৌৱে
কিনো দুপৰৰে ভোকে অ আইজনী
কিনো দুপৰৰে ভোকে ?
তিয়ঁহো নহলি
(এ) চিৰালো নহলি
কেঁচাই খালোহেঁতেন
তোকে পানীমলা
দুহাতে দুমলা
ৰৈনো ৰৈ ধেমালি কৰ ৷
নাৰী:    হে ৰৈয়া ৰৈ.. ৰৈ ৰৈ 
গজে পানী খালে
ৰৈয়া ৰৈ.. ৰৈ ৰৈ 
হৈয়াঙে দৈয়াঙে
ৰৈয়া ৰৈ.. ৰৈ ৰৈ 
ঘোঁৰাই পানী খালে ৰৈ
হে ৰৈয়া ৰৈ.. ৰৈ ৰৈ 
ধনে পানী খালে
ৰৈয়া ৰৈ.. ৰৈ ৰৈ 
পীৰিতি নিজৰাত
ৰৈয়া ৰৈ.. ৰৈ ৰৈ 
থিয় গড়াত খোপনি থৈ ৷
দুয়ো:   ফেউ ফেউ ফেউৰাই মাতিছে
নাৰী:    এ ফেউ ফেউ              
ভূ:হা:  বনৰজা আহিছে
নাৰী: হে ফেউ ফেউ                           
ভূ:হা:  খৰকৈ খোজটি পেলা ৰঙিলী          বেলা হল গধুলি
মনি নে নমনি চিনাকি পদূলি তোৰ
নাৰী:    এ ফেউ ফেউ ..
দুয়ো:   আলিবাটৰ কেকুৰী
এ ফেউ ফেউ ..
ঢপলীয়াই চেকুঁৰী
নাৰী:    এ ফেউ ফেউ ..
ভূ:হা:  চেনেহ ঐ পাহৰি
লৈ যাৱ লাহৰী
কাষতে কলহটি লৈ ?

দুয়ো:   এ ফেউ ফেউ
আলিৰে দাঁতিৰে ঘৰ
হে ফেউ ফেউ ..
ঘৰ ঘৰ ঘৰ ঘৰ কৰ
হে ফেউ ফেউ ..
ভূ:হা:  বাৰীৰে গাজলি বাঁহ
            এ লাজ এৰি বান্ধি ল সাহ
            এইফালে বনৰজা কৰে আহ যাহ
            অ এইফালে বনৰজা কৰে আহ যাহ !

ভূ:হা:  নহওঁ মই অই বনৰ ৰজা
            মাদৈ, তই মোৰ মই তোৰেই ৰজা
            সোমাই আহ ঐ... আমাৰ পঁজা !
নাৰী:    ফুলে ঐ দুৱাৰ ডলিত নবি
            দুৱাৰ ডলি গৰকি
            দুৱাৰ ডলি পাৰে হৈ আহ !
দুয়ো:   পীৰিতি পীৰিতি পীৰিতি
            পীৰিতি মিঠা চুৰা দৈ
            পীৰিতি পীৰিতি পীৰিতি
পীৰিতি বোৱা বোৱতী নৈ
পীৰিতি পীৰিতি পীৰিতি
ওৰে জীৱন থাকিব বৈ
(নৈ)পীৰিতি পীৰিতি পীৰিতি
            পীৰিতি মিঠা চুৰা দৈ
            পীৰিতি পীৰিতি পীৰিতি
পীৰিতি বোৱা বোৱতী নৈ
পীৰিতি পীৰিতি পীৰিতি
ওৰে জীৱন থাকিব বৈ
নাৰী:    (নৈ)পীৰিতি পীৰিতি পীৰিতি
            পীৰিতি মিঠা চুৰা দৈ
            পীৰিতি পীৰিতি পীৰিতি
পীৰিতি বোৱা বোৱতী নৈ
পীৰিতি পীৰিতি পীৰিতি
ওৰে জীৱন থাকিব বৈ

(হেমেন হাজৰিকা দেৱৰ ৰচিত অঞ্জু দেৱী আৰু ভূপেন হাজৰিকাদেৱৰ কন্ঠৰে নিগৰিত এই বিহুগীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: