ভাষা ভৰা
পৃথিৱীৰ
বিদ্রোহী কথা
গীত
কাণ পাতি শুনিবৰ
শকতি নাই ৷
উমৰি গুমৰি থকা
জীৱনৰ ভাৰ ৰাশি
জগতক শুনাবৰ
ভাষা নাই ৷
আছে ক’ত ইঙ্গিত
পৰাজয় নাই
আছে নানা সঙ্কেত
নাই ভয় নাই ৷৷
বিজ্ঞানে আগুৱাই
যায়
নতুন সভ্যতাত
বধিৰতা মূকতাৰ
কাৰাগাৰ নাই ৷৷
ভাষাহীন মৃত্যুক
মষিমূৰ কৰি থৈ
অগণিত মূকেও জয়
গীত গায়
বধিৰতা মূকতাৰ
এনলধৰ নাই
শিক্ষাৰ জেউতিৰে
যাম আগুৱায় ৷৷
(এই গীতটো গুৱাহাটীত ক’লা-বোবাৰ বিদ্যালয় উদ্বোধন উৎসৱ উপলক্ষে ৰচা)
(ভূপেন হাজৰিকাদেৱৰ
কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment