অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

কাশ্যপ ঋষিৰ আশ্রমখনি


কাশ্যপ ঋষিৰ আশ্রমখনি
(আজি) জ্যোতিষ্ম্মান হ
মেনকাই কন্যা শকুন্তলাক
মৰতত সমৰ্পি গ
উমলি আহোঁগৈ বলা
অ বাছা শকুন্তলা !

শঙ্খ বজোৱাঁ, দিয়াঁ উৰুলি
আনন্দে নধৰে হিয়া
প্রকৃতি কোলাতে ধেমালি মগন
শিশুটি আলফুলীয়া
উমলি থাকোঁগৈ বলা
অ বাছা শকুন্তলা !

বনানী পালিতা শকুন্তলাৰ
সঙ্গী বন পশু পক্ষী
মৃগ শিশু সঙ্গেনিতে বাঢ়ি যায়
বনানীৰ তাই উৎপলা
ৰূপহী শকুন্তলা ৷

নৱমল্লিকাৰে কোমল কলিটি
ধীৰে প্রস্ফুটিত হ
কৈশোৰ পাৰ হৈ শকুন্তলাও
পূৰ্ণযৌৱনা হ
মালিনীত স্নান কৰো বলাঁ
অ আই শকুন্তলা ৷৷

(থিয়েটাৰ নাটক: শকুন্তলা, ১৯৮৪ চন )
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: