অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

নৱমল্লিকাৰ হেঁপাহ


নৱমল্লিকাৰে হেঁপাহ  জানো পলাব
মালিনী নৈতে ৰূপ চাই চাই
শকুন্তলা আইৰ জানো দেহাটি শিতলিৰে
পদুমৰে পৰশন পাই পাই ?

(দেহ ভঙ্গিমাৰে বিৱৰণী কিনো দিও
দেখিয়েই ভাষাটি হেৰায়)←২
হংসগামিনী সখী বন মৃগনয়নাই← ২
খোজে পতি পদুম ফুলায়, ফুলায়.......
নৱমল্লিকাৰে হেঁপাহ  জানো পলাব
মালিনী নৈতে ৰূপ চাই চাই
 
(ময়ুৰপঙ্খী ৰূপী সপোনৰে ৰংবোৰে
হাঁহিটিত শেৱালি সৰায়)←২
গ্রমৰ গুঞ্জনধ্বনি শুনা যদি সখি তুমি
নেযাবা লৱৰি পলাই ! পলায়...
শকুন্তলা আইৰ জানো দেহাটি শিতলিৰে
পদুমৰে পৰশন পাই পায়
নৱমল্লিকাৰে হেঁপাহ  জানো পলাব
মালিনী নৈতে ৰূপ চাই চাই ←২ ৷৷
 

(কথাছবি: শকুন্তলা, ১৯৬১ চন)
( ইলা বোস  আৰু অনামিকা দেৱীৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: