বিহুৰে বিৰিণা হে বৃটিছ
ৰজা উঠি গ’ল
পাতে সমনীয়া দেশৰ নেতা ৰজা
হ’ল
বিহুৰে বিৰিণা পাতে হে নয়া
পইচা ওলাই গ’ল
বিহুৰে বিৰিণা পাতে হে ষোল
অনা লুকাই গ’ল
বিহুৰে বিৰিণা পাতে হে এশ
পইচাই এটকা হ’ল ৷
চেনাই দিয়ে গ’লা মইনা
মোৰ কলিজা
চেনাই টোপোলা মইনা মোৰ
কলিজা
মইনাজান মইনাজান তোমাৰে ঐ
বেজাৰত
মইনাজান মইনাজান জাঁজী নৈত
পৰিমগৈ
মইনাজান মইনাজান সোঁতে মোক
উটুৱাই নিব
মইনাজান মইনাজান মাংস গেলি
যাব
মইনাজান মইনাজান হাড়ও পচি
যাব
মইনাজান মইনাজান মাছেনো
কুটি কুটি খাব ৷
কুলি কেতেকী সৰু ভনীটি
তোমালোকৰ ঘৰলৈ
সদায় যাব পাৰোঁ মই
দিয়া যদি মৰমৰ মাত ৷
মই যোৱা দেখিলে
তোমাৰেনো মাৰ বাপেৰে
দিয়ে মূৰে কপালে হাত ৷৷
বাৰীৰে ঢাপৰে এজাৰ মোৰ
চেনাই
বাৰীৰে ঢাপৰে এজাৰ
চেঙেলীয়া কালতে পীৰিতি
এৰিলা
মনত দি গ’লা যে
বেজাৰ ৷৷
চতাই পৰেৱত ধুৱঁলী ঐ
কুঁৱলী
কোনে ভাত ৰান্ধি খায় ৷
মাক নাই মাউৰা তিৰী নাই
বৰলা
হাতী ধৰিবলৈ যায় ৷৷
দেহ হ’ল অলিয়া
দেহ হ’ল বলিয়া
দেহ হ’ল দিহিঙৰ
গড়া ৷
তোমাৰে লগতে হ’লো মই
বলিয়া
চিনাকি হ’বৰে পৰা
৷৷
গলটেঙা খুতৰা চুতীয়া
ঢেকীয়া
জুতি লগাই লগাই খাবা ৷
গধুলিৰ পৰা দুৱাৰ মেলি থমে
বিৰালী যোৱাদি যাবা ৷৷
নৈ দেখি লাগিলে পানীৰে
পিয়াহটি
তোমাক দেখি লাগিলে দয়া ৷
হাতৰে কটা তামোল হাততে
থাকিলে
নহলা নিজৰে গঞা ৷৷
আই ঐ চাপৰি চাপৰি তোলোঁ মই
বাবৰি
পুৰণিনো কলীয়া কচু ৷
দেহি দেহা ঐ
পীৰিতিৰে বেহা ঐ
যৌৱনৰে সাঁচতীয়া ধন
যাকে চাব খোজোঁ তাকে ঐ নেদেখোঁ
কিনো জুইয়ে লগা চকু ৷
কোনে সৰজীলে অ’ নো
দেহেশ্বৰী
কোনেনো নামে দিলে হীৰা
দেহেশ্বৰী ঐ উঠা লাহে কৰি
ঐ
কেতিয়া পুৱাব ৰাতি ....
গুম গুমনি
কঁকালৰ খোচনি
বহিলে জুনুকা বাজে
কি ৰৈয়া ৰৈ
দুফালে দুখন ছৈ
মাজে বয় যমুনা নৈ ৷
এ ভনী জানা তুমি কৰিছোঁহে ধেমালি
নাই যদি তোমাৰ মন
নকৰিবা সম্ভাষণ ;
আছে যদি তোমাৰ মন
দিব পাৰোঁ হিয়া খন ৷
জানা ভনী ডেকাৰনো চেঙেলীয়া
মনে
ভনী তোমাৰো চেঙেলীয়া মন ৷
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment