অ’ মোৰ ভৈয়াই
অ’ মোৰ ভনীটি
পুৰণি অসমৰ
আকাশখনিত
গৌৰৱৰ পোহৰ ঐ
ৰমকে – জমকে
সোণালী সৰু-বৰ
তৰা জিলিকে
লাৱনি মিচিকি
হাঁহিতি চমকে
হায় হায় হায় হায়
আজি নাই ৷
সিখন আকাশত
কলীয়া ডাৱৰে
চাৰিওফালকে আৱৰি
ধৰিলে
পোহৰৰ জিলিকনি
নোহোৱা কৰিলে
হায় হায় হায় হায়
আজি নাই ৷
পুৰণি মূলাৰে
শাহ নাইকীয়া
ৰাধিকা হয়াৰে
ধৰম বিনন্দীয়া
নোহোৱা কৰিলে
কিহে ?
শৰাইঘাটতে শতৰুক
খেদিলে
লাচিতৰ হেংদাং পিছলি পৰিলে
ধৰোঁতা নৰ’লে কোনো মোৰ ভৈয়াই ঐ
ধৰোতাঁ নৰ’লে কোনো ৷৷
(গুৱাহাটী: ১৯৪৬ চন)
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ভূপেন হাজৰিকাদেৱৰ গীত)
ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া
No comments:
Post a Comment