ভূহা: চেনেহৰ চৈয়দ
যুজৰ শ্বহীদ
হায় ৰে হায় !
সমস্বৰে: চেনেহৰ চৈয়দ
যুজৰ শ্বহীদ
হায় ৰে হায় !
চেনেহৰ চৈয়দ
যুজৰ শ্বহীদ
হায় ৰে হায় !
ভূ:হা: হাচান
হুচেন দুয়ো ভাই
কান্দিছে
বিনাই !
সমস্বৰে: হায়ৰে হায়
!
ভূ:হা: হে আৰাচত লাগিলে
গোলমাল
চাহেবে
সমস্বৰে: হায়ৰে হায়
ভূ:হা: (এ)হাচানে পিন্ধিব
পাকবৰ-পায়জামা
সমস্বৰে: হায়ৰে হায়
ভূ:হা: আৰু হুচেনে পিন্ধিব
লাল চাহেবে
সমস্বৰে: হায়ৰে হায়
ভূ:হা: (এ)ক’বলৈ ধৰিলে
হুচেন
চাহেবে ..
সমস্বৰে: হায়ৰে হায়
ভূ:হা: মা(হ)কৰ
মুখলৈ
চায়ে
চাহেবে
ভূ:হা: বান্দীৰে
বেটা
বেদিন
কাফেৰে
সমস্বৰে: হায়ৰে হায়
ভূ:হা: সিও মোক
মাগে
লেড়াই
চাহেবে
সমস্বৰে: হায়ৰে হায়
ভূ:হা: ভাত ৰান্ধি
দিয়া
খাওঁ মই আই
!
সমস্বৰে: হায়ৰে হায়
ভূ:হা: আৰু পানী আনি দিয়া
খাওঁ
চাহেবে
সমস্বৰে: হায়ৰে হায়
ভূ:হা: (এহ) তহবাহ খালোঁ মই
তহফিক্
খালোঁ
সমস্বৰে: হায়ৰে হায়
ভূ:হা: (এ)মোকো নধৰিবা
মাও চাহেবে
সমস্বৰে: হায়ৰে হায়
ভূ:হা: মাও ৰ’
বচন
নললা হুচেন
সমস্বৰে: হায়ৰে হায়
ভূ:হা: নললা বিধিৰে
বচনে
চাহেবে
সমস্বৰে: হায়ৰে হায়
ভূ:হা: (এ)বিচমিল্লাহ বুলি
দুল দুলত
উঠি
সমস্বৰে: হায়ৰে হায়
ভূ:হা: মাকলৈ
চালাম
জনায়ে
চাহেবে
সমস্বৰে: হায়ৰে হায়
ভূ:হা: কান্দিব
ধৰিলে
মদিনাৰ
বিবি
সমস্বৰে: হায়ৰে হায়
ভূ:হা: মোকও লগ
ৰণলৈ
যায় চাহেবে
সমস্বৰে: হায়ৰে হায়
ভূ:হা: সাত দিন
সাত ৰাতি
মহিম কৰিলে
সমস্বৰে: হায়ৰে হায়
ভূ:হা: লগতো ইয়াৰী
নায়ে
চাহেবে
সমস্বৰে: হায়ৰে হায়
চেনেহৰ চৈয়দ
যুজৰ শ্বহীদ
হায় ৰে হায় !
চেনেহৰ চৈয়দ
যুজৰ শ্বহীদ
হায় ৰে হায় !
ভূ:হা: সাত দিন
সাতৰাতি
কাফিৰকে
কাটে
সমস্বৰে: হায়ৰে হায়
ভূ:হা: কুফৰৰ
নমৰিল
জটে চাহেবে
সমস্বৰে: হায়ৰে হায়
ভূ:হা: (এ)একোতে তৰণি
নেপায়
হুচেনে
সমস্বৰে: হায়ৰে হায়
ভূ:হা: পৰিলগৈ
ফোৰাতৰ
মাজে
চাহেবে
সমস্বৰে: হায়ৰে হায়
৷৷
চেনেহৰ চৈয়দ
যুজৰ শ্বহীদ
হায় ৰে হায় !
অ’ চেনেহৰ চৈয়দ
যুজৰ
শ্বহীদ
হায় ৰে হায় ৷৷
(ভূপেন হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে
নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment