অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

ঐ নিলাজ পাহাৰ



হাঃ হাঃ হাঃ হাঃ
হাঃ হাঃ হাঃ হাঃ
হাঃ হাঃ হাঃ হাঃ ...
থুই !
হাঁহিবলৈ আহিছ !
হু !

ঐ নিলাজ পাহাৰ !       
                          
ঐ শুকান পাহাৰ !

মৰম বিহীন হৈ মৰ্ মৰ্ মৰ্‌
লাজতেহে মৰ্

ঐ শুকান পাহাৰ !

ঐ নিলাজ পাহাৰ !

মৰম বিহীন হৈ
মৰ্ মৰ্ মৰ্‌
লাজতেহে মৰ্

ঐ নিলাজ পাহাৰ !    
                            
ঐ শুকান পাহাৰ !

থুই !

বিচাৰিলি কি পালি তই কি ?
বিচাৰিলি কি পালি তই কি ?
সপোন দেখিছিলি !
ঝিৰ ঝিৰ ঝিৰকৈ নিজৰা ব
তোৰ বুকুৱেদি এটি মিঠা নিজৰা ব
মৰমেৰে আকোঁৱালি নিজৰা ব
তাইক পাই তোৰ বুকুখন ৰসাল হ
একো নাপালিহে !

ভাঙিলনে তোৰ অহঙ্কাৰ
ঐ নিলাজ পাহৰ !

ঐ শুকান পাহাৰ !

মৰম বিহীন হৈ
মৰ্ মৰ্ মৰ্‌
লাজতেহে মৰ্

ঐ শুকান পাহাৰ !

ঐ নিলাজ পাহাৰ !

বিচাৰিলি কি পালি তই কি ?
বিচাৰিলি কি পালি তই কি ?
বহু ভাবিছিলি ...
তোৰ বুকুত আছিল হেনো ৰূপ ৰূপালী
হেনো কলিজা খান্দিলে পায় সোণ সোণলী
সোণ খান্দি নিব তই ৰূপও হেৰুৱালি
বালিচন্দা মাথো তই বুটলিলি
কি পালি হে: !

ভাঙিলনে তোৰ কামিহাড় ?
ঐ শুকান পাহাৰ !
ঐ নিলাজ পাহাৰ !
তাকে লৈ চিঞৰি মৰ্ মৰ্ মৰ্
লাজতেহে মৰ্‌ !

ঐ শুকান পাহাৰ !

ঐ নিলাজ পাহাৰ !

ঐ শুকান পাহাৰ ! (চিঞৰি)

ঐ নিলাজ পাহাৰ ! (চিঞৰি)

থুই !

ঐ শুকান পাহাৰ !

ঐ নিলাজ পাহাৰ !

ঐ শুকান পাহাৰ !

ঐ নিলাজ পাহাৰ !

[বনৰীয়া ফুল(কথাছবি) , ১৯৭৩ ]
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: