ভূ:হা: কেতিয়াবা এনেকুৱা লাগে কিয়নো
বুকুখনি শুদা শুদা লাগে কিয়নো
অ’ মইনাজান অ’
অ’ মইনাজান অ’
নাজানো সোণ আজি তুমি
আছা কেনেকৈ ?
আছা কেনেকৈ ?
আছা... কেনেকৈ ...?
গীত:
ভূ:হা: টুপ টুপ নিয়ৰ পৰিছে
চাৰে তিনটা বাজিছে
পু:স: টুপ টুপ নিয়ৰ সৰিছে
চাৰে তিনিটা বাজিছে
ভূ:হা: তোমালৈ মোৰ আজি ও
মনত পৰে জানা নে ?
পু:স: তোমালৈ মোৰ আজি ও
মনত পৰে সঁচায়ে
ভূ:হা: অ’ ... দেহা অ’
অ’ ... দেহা অ’
পু:স: টুপ টুপ নিয়ৰ সৰিছে
চাৰে তিনিটা বাজিছে
টুপ টুপ নিয়ৰ সৰিছে
চাৰে তিনিটা বাজিছে
তোমালৈ ও আজি ও
মনত পৰে সঁচায়ে
তোমালৈ ও আজি ও
মনত পৰে সঁচায়ে
অ’ ... দেহা ঐ
(বোলো) অ’ দেহা ঐ
নাৰী: যেন শৰতৰ অ’ মইনা
সৰি পৰা শেৱালি !
ফুল তলে সৰা অ’ মইনা
কোনে ল’ব বুটলি
বহু আশা বুকুৰে
ৰাতিতে যায় মৰহি
ভাঙি যোৱা সপোনবোৰ
নাহে আৰু উভতি
নিয়ঁৰতে সেমেকি ৰয়
দুবৰিকে লৈ !
ময়ো আছোঁ অতীতকে
বুকুত বান্ধি ঐ !
না:স: নিয়ঁৰতে সেমেকি ৰয়
দুবৰিকে লৈ !
ময়ো আছোঁ অতীতকে
বুকুত বান্ধি ঐ !
যেন শৰতৰ অ’ মইনা
সৰি পৰা শেৱালি !
ফুল তলে সৰা অ’ মইনা
কোনে ল’ব বুটলি
নাৰী: নিয়ঁৰতে সেমেকি ৰয়
দুবৰিকে লৈ !
ময়ো আছোঁ অতীতকে
বুকুত বান্ধি ঐ
না:স: নিয়ঁৰতে সেমেকি ৰয়
দুবৰিকে লৈ !
ময়ো আছোঁ অতীতকে
বুকুত বান্ধি ঐ
ভূ:হা: আঘোনৰে কুৱঁলি
বুকুৰে বিষ পুৰণি
পু:স: আঘোনৰে কুৱঁলি
বুকুৰে বিষ পুৰণি
ভূ:হা: পাহৰি যাওঁ বুলি ও
পাহৰিব নোৱাৰি
পু:স: পাহৰি যাওঁ বুলি ও চোন
পাহৰিব নোৱাৰি
ভূ:হা: অ’.. দেহা অ’
অ’.. দেহা অ’
পু:স: আঘোনৰে কুৱঁলি
বুকুৰে বিষ পুৰণি
আঘোনৰে কুৱঁলি
বুকুৰে বিষ পুৰণি
পাহৰি যাওঁ বুলি ও চোন
পাহৰিব নোৱাৰি
পাহৰি যাওঁ বুলি ও চোন
পাহৰিব নোৱাৰি
অ’ ... দেহা ঐ
(বোলো) অ’ ... দেহা ঐ
নাৰী: শীত বাগৰোতে
না:স: অ’ মইনা
নাৰী: গাতে লোৱা নিহালি
নাৰী: কিয় গৌৰৱতে
না:স: অ’ মইনা
নাৰী: দেখি লাগে আমনি
মৰমে মোৰ তোমাকে
আমুৱালে কিজানি !
না:স: সেয়ে তুমি গ’লাগৈ
মোৰে পৰা আতৰি
নাৰী: কলিজাকে বিন্ধি থকা
দুখকে দি থৈ !
দুদিনৰে বাবে মাথো
মোৰে আপোন হৈ !
না:স: কলিজাকে বিন্ধি থকা
দুখকে দি থৈ !
দুদিনৰে বাবে মাথো
মোৰে আপোন হৈ !
নাৰী: যেন শৰতৰ অ’ মইনা
সৰি পৰা শেৱালি !
না:স: ফুল তলে সৰা অ’ মইনা
কোনে ল’ব বুটলি
নাৰী: শীত বাগৰোতে অ’ মইনা
গাতে লোৱা নিহালি
না:স: কিয় গৌৰৱতে অ’ মইনা
দেখি লাগে আমনি
নাৰী: নিয়ঁৰতে সেমেকি ৰয়
দুবৰিকে লৈ !
না:স: ময়ো আছোঁ অতীতকে
বুকুত বান্ধি ঐ
নাৰী: কলিজাকে বিন্ধি থকা
দুখকে দি থৈ !
না:স: দুদিনৰে বাবে মাথো
মোৰে আপোন হৈ !
নাৰী: কলিজাকে বিন্ধি থকা
দুখকে দি থৈ !
দুদিনৰে বাবে মাথো
মোৰে আপোন হৈ !
না:স: কলিজাকে বিন্ধি থকা
দুখকে দি থৈ !
দুদিনৰে বাবে মাথো
মোৰে আপোন হৈ ৷৷
(ভূপেন হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ
কন্ঠৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment