অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

ভাবিছিলা এবুকু ভৰাই


ভাবিছিল এবুকু ভৰাই
ৰৰ মায়া পাবা
সেই মায়াৰে কোমল কোলাত
ক্ষণিক জিৰাবা ..
ক্ষণিক জিৰাবা ৷

ঘৰ আছে মায়া নাই
সঙ্গীহীনৰ সঙ্গী নাই
ফুলৰ যে সুগন্ধি নাই
প্রদীপ আছে জেউতি নাই !
কাৰনো মৰম আঁকোৱালি লবা ?
সঁহাৰি নেপাবা ৷

শ্রান্ত বতৰ ক্লান্ত বায়ু
সুৰ-ও বন্দী হ
আশাৰ তৰি  নিৰাশাৰ
বালিত লাগি ৰ
শ্রান্ত বতৰ ক্লান্ত বায়ু
সুৰ বন্দী হ !
আশাৰ তৰি  নিৰাশাৰ
বালিত লাগি ৰ.

সকলো আছে কিবা নাই
জীৱন আছে ৰস নাই
প্রভাত আছে সূৰ্য্য নাই !
শূণ্যতে  একো যে নাই !
কি বিচাৰি কলৈ
গুচি যা..বা !
সঁহাৰি নেপাবা
ভাবিছিল এবুকু ভৰাই
ঘৰৰ মায়া পাবা
সেই মায়াৰে কোমল কোলাত
ক্ষণিক জিৰাবা ..!
ক্ষ..ণিক জিৰাবা ৷৷

(কথাছবি : বনহংস, ১৯৭৮ চন)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: