অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অ’ মালতী কথা এটি


মালতী কথা এটি
         কওঁ শুনা কাণ পাতি ..
মোৰ হেনো বিয়া হব এইটো বহাগতে
মোৰ বুকুখনি ধৰেফৰায়
       নতুন উলাহতে ,
মালতী কথা এটি
          কওঁ শুনা কাণ পাতি ..
মোৰ হেনো বিয়া হব এইটো বহাগতে
মোৰ বুকুখনি ধৰেফৰায়
         নতুন উলাহতে
-
সেই যে এবাৰ দেখিছিলোঁ
     সুঠাম ডেকাজন !
যোৱা মাঘত বিহুটি গাই
      হৰি নিছিল মন
মোক নেপালে মৰিম বুলি
      কলেহি থিতাতে
মোৰ বুকুখনো কঁপে কিয়
       অজান ভয়তে
মালতী কথা এটি
          কওঁ শুনা কাণ পাতি
মোৰ হেনো বিয়া হব এইটো বহাগতে
মোৰ বুকুখনি ধৰেফৰায়
          নতুন উলাহতে
-
বেইৰে তলতে .... হে ঐ ৰাম
নোঁৱাব সিহঁতে ... হে ঐ ৰাম
    ভাবিলে গা সিৰেসিৰায় ,
বেইৰে তলতে .... হে ঐ ৰাম
নোঁৱাব সিহঁতে ... হে ঐ ৰাম
    ভাবিলে গা সিৰেসিৰায়..
হোমৰে অগনি ... হে ঐ ৰাম
দীঘলকৈ ওৰণি ... হে ঐ ৰাম
    ভাবিলে মন ধপেধপায় ৷

ভাবিছিলো বিয়া কৰি 
            নিব চহৰলে
চাকৰি বিচাৰি নেযায় 
           বুলি খুলি কলে
সুখে দুখে চহ কৰিব 
           ছন পৰা মাটিতে
দুয়ো হেনো সৰগ পাতিম
            আমাৰে গাঁতে
মালতী কথা এটি
        কওঁ শুনা কাণ পাতি ..
মোৰ হেনো বিয়া হব এইটো বহাগতে
মোৰ বুকুখনি... 
     ধৰেফৰায়....
        নতুন উলাহতে.... ৷৷



(ভূপেন হাজৰিকাদেৱে ৰচা ঊষা মঙ্গেচকাৰৰ কন্ঠেৰে নিগৰিত গীত)
ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া

No comments: