অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

সেৱিলোঁ চৰণে অসমী আই


সেৱিলোঁ চৰণে অসমী আই
সাজিছোঁ কাঁচিছো ৰণলে আই !
লুইতপৰা নামিলো
কামাখ্যাত পূজিলোঁ
ৰণলৈ ওলালো আশিষে লৈ
হে ৰণলৈ ওলালোঁ শপতে লৈ,
সেৱিলোঁ চৰণে অসমী আই
সাজিছোঁ কাঁচিছো ৰণলে আই !
লুইতপৰা নামিলো
কামাখ্যাত পূজিলোঁ
ৰণলৈ ওলালো আশিষে লৈ
হে ৰণলৈ ওলালোঁ শপতে লৈ
সেৱিলোঁ চৰণে অসমী আই ৷

সময় নাই এতিয়া বুৰঞ্জী শিকোৱা
সময় নাই এতিয়া বুৰঞ্জী শিকোৱা
সুদিচ্ছা মোৰ নহয় ই ক্ষণ,
নঙলা মুখতে শতৰুৰ কিৰিলি !
নঙলা মুখতে শতৰুৰ কিৰিলি !
বান্ধি ল টঙালি এৰি তোৰ বন !
বান্ধি ল টঙালি এৰি তোৰ বন !
জীৱনটো কৰি লৈ পন
বোলো জীৱনটো কৰি লৈ পন
সেৱিলোঁ চৰণে অসমী আই
সাজিছোঁ কাঁচিছো ৰণলৈ আই !
লুইতপৰা নামিলো
কামাখ্যাত পূজিলোঁ
ৰণলৈ ওলালো আশিষে লৈ
বোলো ৰণলৈ ওলালোঁ শপতে লৈ,
সেৱিলোঁ চৰণে অসমী আই ৷

সময় নাই এতিয়া
ভাৱি গুনি চোঁৱা           
লা অ ৰণুৱা দল !
কপালৰ ফোঁটটি ! উজলাম সূৰুযটি !
কপালৰ ফোঁটটি ! উজলাম সূৰুযটি !
আই তোৰ চৰণত বান্ধিলোঁ মন ...
আই তোৰ চৰণত বান্ধিলোঁ মন ..
হে জীৱনটো কৰি লৈ পণ
বোলো জীৱনটো কৰি লৈ পণ
সেৱিলোঁ চৰণে অসমী আই
সাজিছোঁ কাঁচিছো ৰণলে আই..
লুইতপৰা নামিলো
কামাখ্যাত পূজিলোঁ
ৰণলৈ ওলালো আশিষে লৈ
হে ৰণলৈ ওলালোঁ শপতে লৈ,
সেৱিলোঁ চৰণে অসমী আই
সেৱিলোঁ চৰণে অসমী আই
সেৱিলোঁ চৰণে অসমী আই
সেৱিলোঁ চৰণে অসমী আই ৷৷

(উচ্চাৰণ : পৰা = প্রা)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: