[ কি এই সময় ? কি সময় ? নে দু:সময় ? চিন্তাৰ পৃথিৱীৰ শ্বাসৰূদ্ধ কৰা সময় !! অসমৰ অৱস্থা দেখি যোৱা মে’ মাহৰ ২৭ তাৰিখে (১৯৮৯ চন) এই গীতটো লিখিছিলোঁ , সেই দু:সময়ৰ কথাৰে ... নিজৰ অনুভুতিৰে... ]
গীত:-
গীত:-
সুখ নাই দুখ নাই
একো যেন নাই
হাঁহি নাই চকুৰো অশ্রু শুকায় ,
সুখ নাই দুখ নাই
একো যেন নাই
হাঁহি নাই চকুলো অশ্রু শুকায়
সুখ নাই দুখ নাই
একো যেন নাই !
নৈ আছে পানী নাই,
সৰু বৰ ঢৌ নাই
জীয়াই থকাৰ নাই অকণো
জোৱাৰ ..!!
নৈ আছে পানী নাই,
সৰু বৰ ঢৌ নাই
জীয়াই থকাৰ নাই অকণো
জোৱাৰ ..!!
ঘড়ীৰ কাঁটা নাই,
সময়ৰ গতি নাই
ঘড়ীৰ কাঁটা নাই,
সময়ৰ গতি নাই
সময়েও বগৰাব
নোৱাৰে হেঙাৰ
সময়ো দেখোঁ আজি ভাগি-ছিগি
যায়
সুখ নাই দুখ নাই
একো যেন নাই
হাঁহি নাই চকুৰো
অশ্রু শুকায়
সুখ নাই দুখ নাই
একো যেন নাই !
এই ভয়াৱহ ক্ষণে নিহত
প্রতিজনে
গলি যোৱা আইনাত মুখবোৰ
চায় ..!
এই ভয়াৱহ ক্ষণে নিহত
প্রতিজনে
গলি যোৱা আইনাত মুখবোৰ
চায় ..!
কাৰ নীতি কেনি
যায় পৰিণতি একো নাই
কাৰ নীতি কেনি
যায় পৰিণতি একো নাই
মৃত্যুৱে
দিনে-ৰাতি পাশা খেলি যায়
সুন্দৰতা আজি
ত্রাসতে পলায়
সুখ নাই দুখ নাই
একো যেন নাই
হাঁহি নাই চকুলো অশ্রু শুকায়
সুখ নাই দুখ নাই একো যেন নাই
হাঁহি নাই চকুৰো অশ্রু শুকায়
সুখ নাই দুখ নাই একো যেন নাই ..!!
(২৭ মে’ ১৯৮৯ চন)
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment